খেতিৰ বাবে অনা কােটি টকা মূল্যৰ ভিয়েটনামৰ আফিঙৰ বীজ জব্দ আছাম ৰাইফলছৰ

খেতিৰ বাবে অনা কােটি টকা মূল্যৰ ভিয়েটনামৰ আফিঙৰ বীজ জব্দ আছাম ৰাইফলছৰ

September 5, 2020 0 By NEWS DESK

প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ভাৰতত প্ৰৱেশৰ ঘটনা অব্যাহত আছে।

এনে অবৈধ বেহাৰ বিৰুদ্ধে আছাম ৰাইফলছৰ জােৰদাৰ অভিযানাে সমানে অব্যাহত আছে।

এইবাৰ বাহিনীটােৰ অভিযানত জব্দ হৈছে কােটি টকা মূল্যৰ ভিয়েটনামৰ আফিঙৰ বীজ।

জানিব পৰা অনুসৰি, দুখন ট্ৰাকত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ গােপন খবৰ লাভ কৰি আছাম ৰাইফলছৰ জােৱানসকলে এক অভিযান চলায়।

এই অভিযানকালত নাগালেণ্ডৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিফেমা নামত ঠাইত জব্দ কৰা হয় এই ট্ৰাক দুখন।

ট্ৰাক দুখনৰ পৰা মুঠ ১২੦খন বস্তা জব্দ কৰা হয়।

জব্দ কৰা আফিঙৰ বীজৰ মূল্য ১ কােটি ৪੦ লাখ টকা বুলি অনুমান কৰা হৈছে।

পাছত উক্ত ট্ৰাকসহ সামগ্ৰীখিনি কাষ্টম বিভাগক হস্তান্তৰ কৰে জােৱানসকলে।