Site icon NEWS8 NE

খেয়ালি প্ৰকৃতি! ডিমা হাছাওত তুষাৰপাত আৰম্ভ

নিউজ ডেস্ক। নতুন বছৰৰ আৰম্ভণিতে ডিমা হাছাও পৰ্যটনৰ কাৰণে আহিছে ভাল খবৰ। সেউজীয়া পাহাৰত এতিয়া তুষাৰপাত।

হাফলঙৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত আৰম্ভ হৈছে এই তুষাৰপাত।

ডিমা হাছাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত কেপেইল’ গাঁৱত বিগত প্ৰায় সপ্তাহ ধৰি তুষাৰপাত হৈ আছে।

তুষাৰপাতৰ কাৰণেই এতিয়া বৰফে আৱৰি ৰাখিছে গোটেই এলেকাটো।

বড়াইল পাহাৰৰ দাঁতিত থকা জেমি নগা অধ্যুষিত গাঁৱখনত হোৱা এই তুষাৰপাতত লৈ স্থানীয় ৰাইজ উৎফুল্ল।

জানিব পৰা মতে. এয়া কোনো নতুন ঘটনা নহয়। বিগত কেইবাবছৰ ধৰি কেপেইল’, নিয়াঙল’ গাঁৱত তুষাৰপাত হৈ আছে।

তুষাৰপাতৰ কাৰণে জলাশয়ৰ পানীও বৰফত পৰিণত হৈছে। কিন্তু কেপেইল’ গাঁৱৰ এই তুষাৰপাত পোহৰলৈ অহা নাই। যাৰ বাবে কেপেইল’ গাঁৱত তুষাৰপাতৰ খবৰ কোনেও নাজানে।

উল্লেখনীয়, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে নতুন নতুন পদক্ষেপ লোৱাৰ সময়তে তুষাৰপাতৰ খবৰ নিশ্চয়কৈ পাৰ্বত্য পৰ্যটনৰ কাৰণে নতুন খবৰ।

অহা দিনত তুষাৰপাতৰ কাৰণে কেপেইল’ গাঁওখন পৰ্যটনৰ অন্যতম আকৰ্ষণ হৈ যে পৰিব তাত কোনো সন্দেহ নাই।

অকল কেপেইল’য়েই নহয়, ডিমা হাছাও জিলাৰ দক্ষিণ পশ্চিম এলেকাত অৱস্থিত থুৰুক গাঁৱতো তুষাৰপাতৰ খবৰ পোৱা গৈছে।

থুৰুক হাফলঙৰ পৰা ১১২ কিলোমিটাৰ মিলগত অৱস্থিত বেইটে জনগোষ্ঠী অধ্যুষিত গাঁও।

Exit mobile version