খোদ কংগ্ৰেছ কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে ৰাজীৱ ভৱনৰ আচবাব, বেনাৰ-পোষ্টাৰ হাৰ্ডিং !

খোদ কংগ্ৰেছ কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে ৰাজীৱ ভৱনৰ আচবাব, বেনাৰ-পোষ্টাৰ হাৰ্ডিং !

August 27, 2020 0 By NEWS DESK

 খোদ কংগ্ৰেছ কৰ্মীয়েই লণ্ড ভণ্ড কৰি তলা লগালে ভৱনত।

হাজো সমষ্টিৰ কলিতাকুছিত থকা ৰাজীৱ ভৱনত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে নেতৃত্বৰে সংঘাতৰ পৰিণতিত কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল দুলু আহমেদে।

কিন্তু দুলু আহম্মেদে নিজাববীয়াকৈ সজা ৰাজীৱ ভৱনটো কংগ্ৰেছ কর্মীক দলীয় কাম কাজ কৰাৰ বাবে আগবঢ়াইছিল যদিও বুধবাৰে হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালীক পদৰ পৰা অপসাৰণ কৰাৰ পাছত জাঙুৰ খাই উঠিছে কংগ্ৰেছ কৰ্মী সকল।

লণ্ড ভণ্ড কৰিলে ঘৰটোৰ সকলো সামগ্ৰী । ভৱনটো উদ্ধোধন কৰা কংগ্ৰেছৰ নেতা সকলৰ নাম ফলকত ঢালি দিলে ৰং।

টানি আজুৰি ফালি পেলালে কংগ্ৰেছৰ নেতা সকলৰ ফটো। উভলি পেলাই দিয়া হল ৰাজীৱ ভৱনৰ নাম ফলক।

আনকি ৰিপুন বৰা, ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদো সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে।

হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী পুতুলি মহন্তইও ইতিমধ্যে দল ত্যাগৰ কথা ঘোষণা কৰিছে

হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী পুতুলি মহন্তইও ইতিমধ্যে দল ত্যাগৰ কথা ঘোষণা কৰিছে।