গণেশগুৰিত উৰণীয়া সেঁতু মুকলি কৰি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

গণেশগুৰিত উৰণীয়া সেঁতু মুকলি কৰি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

October 22, 2020 0 By NEWS DESK

ষষ্ঠী পূজাৰ দিনাই মহানগৰবাসীক বিশেষ উপহাৰ দিলে ৰাজ্য চৰকাৰে।

মুকলি কৰা হ’ল গণেশগুৰিৰ বিষ্ণুৰাভা উৰণীয়া সেতু।

২০১৯ বৰ্ষৰ ৬ মাৰ্চত আৰম্ভ কৰা হৈছিল গনেশগুৰি উৰণীয়া সেতু নিৰ্মাণৰ কাম । কেৱল মাত্ৰ ১৯টা মাহৰ অন্ততে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হৈছে এই ফ্লাই অভাৰখনৰ।

এই নৱ নিৰ্মিত উৰণীয়া সেতুৱে আৰ জি বৰুৱা পথৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেতু সংযোগ কৰিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সেঁতু মুকলি অনুষ্ঠানত উপস্থিত থাকে লোকনিৰ্মান বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অনুষ্ঠানত মন্ত্ৰী গৰাকীে কয়- ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬খন উৰণীয়া সেতুৰ কাম চলি আছে। মালিগাওঁ আৰু ছুপাৰ মাৰ্কেটৰ দুখনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। নিৰ্ধাৰিত সময়ৰ বহু আগতেই আমি এই দুয়োখন উৰণীয়া সেতুৰ কাম সমাপ্ত কৰিব পাৰিম।’

১ ব’হাগৰ দিনা নিৰ্মীয়মান অৱস্থাত থকা ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু নিৰ্মাণৰ কাম শেষ কৰিম বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ লগে লগে ৰিহাবাৰীৰ পৰা আৰ্য কলেজ সংযোগী আন এখন উৰণীয়া সেতু নিৰ্মাণৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিব। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত মহানগৰীত ৯খনকৈ ফুট অভাৰ ব্ৰীজ আমি ৰাইজলৈ অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি মন্তব্য কৰে লোক নিৰ্মাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে শৰ্মাই কয় যে, অতি কম সময়ৰ দিনতে মহানগৰীৰ পানী যোগান আচনি মুকলি কৰা হ’ব।লগতে ২ নৱেন্বৰৰ ভিতৰত ১১৯ খন চাহ বাগিছাৰ হাইস্কুলৰ কাম আৰম্ভ কৰা হ’ব । এপ্ৰিলৰ আগতে সমাপন হ’ব এই হাইস্কুল সমূহৰ নিৰ্মানৰ কাম।