গালৱানৰ শ্বহীদ জােৱানৰ পত্নীলৈ চৰকাৰী চাকৰি তামিলনাডু চৰকাৰৰ

গালৱানৰ শ্বহীদ জােৱানৰ পত্নীলৈ চৰকাৰী চাকৰি তামিলনাডু চৰকাৰৰ

September 22, 2020 0 By NEWS DESK

ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ সেনাক প্ৰতিৰােধ কৰিবলৈ গৈ শ্বহীদ হৈছিল বহু ভাৰতীয় সেনা জােৱান।

এই শ্বহীদ জােৱানসকললৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি হিচাপে মাতৃ, বিধৱা পত্নী তথা পৰিয়াললৈ মুক্ত মনে সহায়ৰ হাত আগবঢ়াইছে তেলেংগানা চৰকাৰে।

এইবাৰ তেলেংগানা চৰকাৰৰ দৰেই শ্বহীদৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে তামিলনাডু চৰকাৰ।

নিযুক্তি পত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে

তামিলনাডু চৰকাৰে গালৱানত শ্বহীদ হােৱা জােৱান হাবিলদাৰ কে পিলানীৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান কৰিছে।

এক চৰকাৰী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে পলানীস্বামীয়ে শ্বহীদ জােৱানৰ পত্নী ৱনাতী দেৱীলৈ ৰাজ্যখনৰ যােগান বিভাগত ৰাজহ নিৰীক্ষকৰ চাকৰিৰ যােগদান পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৰাজ্যপালেও শ্বহীদ জােৱানজনৰ পত্নীলৈ নগদ ২੦ লাখ টকা আগবঢ়াইছিল।