NEWS8 NE

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

নিউজ ডেস্ক। গাড়ী চুৰিৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ মাজতে এইবাৰ চােৰৰ লক্ষ্য হৈ পৰিছে বিলাসী গাড়ীৰ চকা। চোৰৰ লক্ষ্য হৈ পৰিছে পৰিছে Hyundai Creta আৰু Kia Seltos ৰ দৰে ব্যয়বহুল বাহনৰ চকা।

বিশেষকৈ এই দুয়োখন গাড়ীৰ এলয় হুইল সমূহ হৈছে অতি আকৰ্ষণীয় আৰু ব্যয়বহুল। সেয়েহে চোৰৰ লক্ষ্য এই দুখন গাড়ীৰ এলয় হুইল।

বৰ্তমান চোৰে নিশা পথৰ কাষত ৰখাই থোৱা এই দুই গাড়ীৰ এলয় চুৰ কৰি লৈ যায় যাৰ ফলত হাৰাশাস্তি ভুগিছে এই গাড়ীৰ গৰাকী সকলে। তেওঁলোকৰ ভয় হৈছে পথৰ কাষত গাড়ী ৰাখিবলৈ।

কেতিয়াবা যদি মুকলিতে থকা গাড়ীৰ চাৰিটা চকাই চোৰে চুৰ কৰে। কিন্তু কেতিয়াবা আকৌ ডিভাইডাৰৰ কাষত ৰখা গাড়ীৰ মুকলি ফালৰ দুটা চকা খুলি লৈ যায় চোৰে। মুঠতে বৰ্তমান এই গাড়ীৰ গৰাকী সকলৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চোৰে। আনকি CCTV কেমেৰাত বন্দী হৈছে চােৰৰ কাণ্ডৰ দৃশ্য, চাওক এই ভডিঅঃ

এই দৃশ্য ৰাজধানী দিল্লীৰ কালকাজী অঞ্চলৰ। ভিডিঅ’টােত স্পষ্টকৈ প্ৰত্যক্ষ কৰা হৈছে এখন বাহনত অহা চােৰৰ দলে কি দৰে খুলি নিছে পাৰ্কিঙত থকা এখন বাহনৰ চাৰিওটা চকা।

প্ৰশ্ন হয়, আপুনি এই সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ? জানি লওক উপায় সমূহ।

Motion Detecting Car Alarm সংস্থাপন কৰি আপুনি পৰিত্ৰাণ পাব পাৰে। যদি কোনোৱে আপোনাৰ গাড়ীৰ চকা খুলিবলৈ চেষ্টা কৰে তেতিয়াই প্ৰকাণ্ড শব্দৰে বাজি উঠিব সেই বিশেষ এলাৰ্ম। আন এটা উপায় হল Dashboard ত কেমেৰা সংস্থাপন। যিয়ে চোৰক চিনাক্ত কৰাত সহায় কৰিব।

আন এক অতি সক্ৰিয় উপায় হ’ল যে আপুনি গাড়ীৰ চকাত ব্যৱহাৰ কৰিব পাৰে Lug Nut Locks বা Wheel Boots। Lug Nut Lock সমূহ খুলিবৰ বাবে এক বিশেষ চাবিৰ প্ৰয়োজন হয়। যিটো নহলে কোনেও কোনো কাৰণত খুলিব নোৱাৰিব গাড়ীৰ চকা। যদি আপোনাৰ গাড়ীৰ চকাত হাৱা ভৰাবলগীয়া হয় বা চকা মেৰামতি কৰিবলগীয়া হয়, তেতিয়াই এই চাবিৰ প্ৰয়োজন হব। যিটো অতিকে নিৰাপদ উপায়। কিন্তু যদিহে আপুনি সেই বিশেষ চাবি হেৰুৱাই তেন্তে আপুনি পুনৰ খুলিব নোৱাৰিব গাড়ীৰ চকা। গতিকে আপুনিও চাবি হেৰুৱাব নালাগিব।

ইয়াৰ বিপৰীতে Wheel Boots হৈছে এক ব্যয়বহুল সামগ্ৰী। এই সামগ্ৰীটো চকাত সংস্থাপন কৰিবলৈ বা ইয়াক খুলিবলৈ কমেও ২০ মিনিট সময়ৰ প্ৰয়োজন হয়। গতিকে চোৰে দীৰ্ঘ সময় খৰচ কৰি চুৰি কৰিবলৈ ভয় কৰিব।

সেয়েহে আপুনি যদি এই ব্যৱস্থা সমূহ আপোনাৰ গাড়ীত সংস্থাপন কৰা নাই, তেন্তে চোৰৰ পৰা বাচিবলৈ এতিয়াই কৰি লওক সংস্থাপন।

লগতে চাওকঃ

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!

পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

Ele-Pant! হাতীয়ে পিন্ধিলে পেণ্ট-ছাৰ্ট! উদ্যােগপতি আনন্দ মহিন্দ্ৰাৰ টুইট ভাইৰেল

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

Exit mobile version