গিনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল বিশ্বৰ আটাইতকৈ দীঘল ভৰিৰ কিশােৰীৰ

গিনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল বিশ্বৰ আটাইতকৈ দীঘল ভৰিৰ কিশােৰীৰ

October 9, 2020 0 By NEWS DESK

গিনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল বিশ্বৰ আটাইতকৈ দীঘল ভৰি থকা ছােৱালীজনীৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিন (টেক্সাছ)ত বাস কৰা এই ১৬ বছৰীয়া ছােৱালীজনীৰ নাম হৈছে মাৰ্চি কুৰিন।

মাৰ্চি কুৰিন

এই কিশােৰীগৰাকীৰ ভৰিৰ দৈৰ্ঘ্য ৬ ফুট ১৯ ইঞ্চি।

বিশ্বৰ আটাইতকৈ দীঘল ভৰিৰ মহিলা হিচাপেও স্বীকৃতি লাভ কৰিছে এই কিশােৰীগৰাকীয়ে।

গিনিজ বুকে প্ৰকাশ কৰা মাৰ্চি কুৰিনৰ ভিডিঅ’ চাওকঃ

গিনিজ বুক অব্ ৱ’ৰ্ল্ড ৰেক’ৰ্ডৰ তথ্য মতে, এই গৰাকী কিশােৰীৰ ভৰিৰ দৈৰ্ঘ্য মুঠ উচ্চতাৰ ৬੦ শতাংশ।

এইগৰাকী কিশোৰী পৰিয়ালৰ আটাইতকৈ ওখ সদস্য। কিশােৰীগৰাকীৰ মাতৃ ত্ৰিচৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি আৰু পিতৃ কেমেৰনৰ ৬ ফুট ৫ ইঞ্চি।

মাতৃৰ ত্ৰিসৰ সৈতে মাৰ্চি

২০১৮ ইং চনতে এই কিশােৰীগৰাকীৰ ভৰিৰ দৈৰ্ঘ্য অস্বাভাৱিক বুলি তেওঁ অনুমান কৰিছিল।

তাৰ পাছৰে পৰা ক্ৰমাৎ বৃদ্ধি পাই থকা ভৰিখনৰ বাবে তেওঁ সম্প্ৰতি বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল ভৰিৰ ব্যক্তি বুলি স্বীকৃতি লাভ কৰিছে।