গুৱাহাটীবাসীলৈ সকাহ ! গুৱাহাটীত সোমবাৰৰ পৰা বন্ধ নহয় পেট্ৰ’ল পাম্প…

গুৱাহাটীবাসীলৈ সকাহ ! গুৱাহাটীত সোমবাৰৰ পৰা বন্ধ নহয় পেট্ৰ’ল পাম্প…

September 5, 2020 0 By NEWS DESK

গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ।

গুৱাহাটীত সোমবাৰৰ পৰা বন্ধ নহয় পেট্ৰ’ল পাম্প।

প্ৰত্যাহাৰ কৰা হৈছে পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত।

পূ্ৰ্বে সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল।

শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সৈতে BPCL, IOCL, HPCL আৰু NEIPDA (গ্ৰেটাৰ গুৱাহাটী শাখা)ৰ বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকত বন্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰা হয়।

মটৰ স্পিৰিট আৰু হাইস্পীড ডিজেলৰ যোগান অব্যাহত ৰাখিব বুলি বিচিপিএলে এই বৈঠকত নিশ্চয়তা দিয়ে।

লগতে ডিপোসমূহৰ সকলো সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হব বুলিও প্ৰশাসনে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰ পিছতে পেট্ৰ’ল ডিপো খোলা ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

এই কথা সদৰি কৰিছে NEIPDAৰ গ্ৰেটাৰ গুৱাহাটী শাখাই।