NEWS8 NE

গুৱাহাটীৰ দীপশিখাৰ উপৰি শ্বিলঙৰ যুৱ পৰ্বতাৰােহীৰাে উত্তৰাখণ্ডত মৃত্যু, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ উপৰি মেঘালয়ৰ ৰাজধানী শ্বলিঙৰ যুৱ পৰ্বতাৰোহী টিকলু জ্যৰৱাৰৰ মৃতদেহ উদ্ধাৰ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা জানিবলৈ দি লিখিছে, “অত্যন্ত দুখৰ কথা যে উত্তৰাখণ্ডত হিমস্খলনৰ ফলত নিৰুদ্দেশ হোৱা শ্বিলঙৰ পৰ্বতাৰোহীৰ এটা দলৰ সৈতে নিৰুদ্দেশ হোৱা টিকলু জ্যৰৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।”

তদুপৰি, মেঘালয় চৰকাৰে টিকলু জ্যৰৱাৰ মৃতদেহ শ্বিলঙলৈ ওভতাই অনাৰ বাবে তেওঁৰ পৰিয়ালক পূৰ্ণ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, ৪ অক্টোবৰত উত্তাৰখণ্ডত হিমস্খলনত সন্ধানহীন হোৱা ৪১ জনীয়া পৰ্বতাৰোহণকাৰী দলটোৰ সদস্য আছিল অসমৰ দীপশিখা হাজৰিকা আৰু মেঘালয়ৰ টিকলু জ্যৰৱা।

উত্তৰাখণ্ডৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ ৪১ জনীয়া প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ দলটোৱে দ্ৰৌপদী কা দাণ্ডা শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তে হিমস্খলনত সন্ধানহীন হৈ পৰিছিল।

সেই দলটোৰ সদস্য আছিল উত্তৰ-পূবৰ দীপশিখা আৰু টিকলুও।

ইফালে শনিবাৰে পুৱা উদ্ধাৰকাৰী দলে টিকলু জ্যৰৱা আৰু দীপশিখাৰ লগতে সন্ধানহীন হৈ থকা ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, পৰ্বতাৰোহণ কৰিবলৈ গৈ হিমস্খলনত মৃত্যু ঘটা মেঘালয়ৰ সন্তান টিকলু জ্যৰৱা মেঘালয় স্প’ৰ্ট ক্লাইম্বিং এণ্ড মাউণ্টেইনিং এছ’চিয়েশ্যনৰো সদস্য আছিল।

অৰুণাচল প্ৰদেশৰ দিৰাঙস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ ক্লাইম্বিং এণ্ড এলাইড স্প’ৰ্টছ চমুকৈ নিমাছে চলিত বৰ্ষৰ আৰম্ভণিতে জ্যৰৱাক মৌলিক পৰ্বতাৰোহণৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

Exit mobile version