গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

September 18, 2020 0 By NEWS DESK

২১ চেপ্টেম্বৰৰ পৰা কাৰ্যভাৰ ল’ব নতুন মুখ্য ন্যায়াধীশে

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাৰৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে জাষ্টিচ নংমেইকাপাম কটিশ্বৰ সিঙক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

File Photo

ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰাজিন্দৰ কাশ্যপে স্বাক্ষৰ কৰা এক বিভাগীয় অধিসূচনাত (K-11019/07/2020-US.II) এই কথা প্ৰকাশ কৰা হৈছে।

জাষ্টিছ এন কটিশ্বৰ সিঙ

উক্ত অধিসূচনাত উল্লেখ কৰা মতে, অহা ২১ চেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশনা।

আইন মন্ত্ৰ্যালয়ৰ অধিসূচনা

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২੦১৯ বৰ্ষত ন্যায়াধীশ কটিশ্বৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক্টিং চীফ জাষ্টিছ হিচাপেও নিযুক্ত হৈছিল।