গুৱাহাটী-শিলচৰৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰেলমন্ত্ৰীক সাক্ষাৎ সাংসদৰ

গুৱাহাটী-শিলচৰৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰেলমন্ত্ৰীক সাক্ষাৎ সাংসদৰ

September 18, 2020 0 By NEWS DESK

গুৱাহাটী তথা শিলচৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে শিলচৰ লােকসভা সমষ্টিত সাংসদ ডাঃ ৰাজদীপ ৰয়ে।

ৰে’লমন্ত্ৰীক পত্ৰ প্ৰদান সাংসদ ৰয়ৰ

এই দাবীৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীযুষ গােৱেলক নতুন দিল্লীত সাক্ষাৎ কৰি এক স্মাৰক পত্ৰও প্ৰদান কৰিছে সাংসদগৰাকীয়ে।

উক্ত পত্ৰখনত সাংসদ ৰয়ে কয় যে ৰে’লসেৱা বন্ধ হৈ থকাৰ বাবে জনসাধাৰণ বহুত অসুবিধাৰ সন্মুখীন হৈছে।

বাছ নাইবা ব্যক্তিগত বাহনেৰে চলাচল কৰােঁতে ক’ভিড-১৯ প্ৰ’টকলৰ নামত মেঘালয়ত ভীষণ সমস্যাৰ সন্মুখীন হয় যাত্ৰীসকল।

সেয়ে ৰে’ল বিভাগে এই ক্ষেত্ৰত অচিৰেই ব্যৱস্থা হাতত লৈ শিলচৰ আৰু গুৱাহাটীৰ মাজত ৰে’লসেৱা পুনৰ আৰম্ভ কৰিব লাগে বুলি তেওঁ আহ্বান জনায়।

ৰে’লমন্ত্ৰী গােৱেলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লােৱাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীক।