গোলকীয় বায়ু প্রদূষণ সন্দর্ভত চীন, ভাৰত, ৰাছিয়াক দোষাৰোপ ড’নাল্ড ট্রাম্পৰ!

গোলকীয় বায়ু প্রদূষণ সন্দর্ভত চীন, ভাৰত, ৰাছিয়াক দোষাৰোপ ড’নাল্ড ট্রাম্পৰ!

October 18, 2020 0 By NEWS DESK

গোলকীয় বায়ু প্রদূষণৰ বাবে চীন-ৰাছিয়াৰ লগতে ভাৰতকো দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷

মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কয়- আমাৰ শাসনকালত আমেৰিকাই পৰিৱেশ পৰিচ্ছন্ন কৰাৰ বাবে বিভিন্ন কাম কৰিছে।বায়ু প্রদূষণ প্রতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছো৷

ইয়াৰ বিপৰীতে চীন, ৰাছিয়া আৰু ভাৰতৰ লেখীয়া দেশসমূহে বায়ু প্রদূষণ বৃদ্ধি কৰি আছে বুলি মন্তব্য কৰে ট্ৰাম্পে।

চীনক দোষাৰোপ কৰাৰ লগতে বন্ধু ৰাষ্ট্র ভাৰতক বায়ু প্রদূষণৰ বাবে জগৰীয়া কৰা মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয় যে, পেৰিছ জলবায়ু চুক্তিৰ পৰা চীন আৰু ভাৰতৰ লেখীয়া দেশসমূহ লাভৱান হৈছে৷

ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রৰ কোনো লাভ হোৱা নাই৷ এইক্ষেত্রত দেশখনৰ বিৰুদ্ধে অন্যায় কৰা হৈছিল৷