গোলাঘাটত স্থাপন কৰ হ’ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়!

গোলাঘাটত স্থাপন কৰ হ’ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়!

September 3, 2020 0 By NEWS DESK

অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ তৃতীয় দিনটোত গৃহীত হ’ল দহখনকৈ বিধেয়ক।

ইয়াৰ ভিতৰত আছে দুখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক৷

সদনত গৃহীত হয় শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক খন।

 নতুন ৰাষ্ট্রীয় শিক্ষা নীতি ঘোষণাৰ পাছত ৰাজ্যখনত এইখনেই হ’ব প্রথম বিশ্ববিদ্যালয়৷

এই নতুন ৰাজ্যিক বিশ্ববিদ্যালয়খনত অন্তর্ভুক্ত হ’ব বহুমুখী পাঠ্যক্রম।

ৰাজ্য চৰকাৰে গোলাঘাটত এই বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়খন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গোলাঘাটত স্থাপন হ’ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়

এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে অধ্যক্ষ হীতেন্দ্ৰনাথ গোস্বামীয়ে শিক্ষামন্ত্ৰী ডঃ শৰ্মাক ধন্যবাদ জনায়৷

সেইদৰে বুধবাৰে সদনত অসমৰ ঐতিহ্যক্ষেত্রৰ সংৰক্ষণ, সংবর্ধনৰ বাবেও ‘দ্য আছাম হেৰিটেজ (টেনজিবল) প্রটেকচন, প্রিজাৰভেচন, কনজাৰভেচন এণ্ড মেইণ্টেনেন্স বিল ২০২০’ গৃহীত হয়৷

এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে নূ্যনতম ৭৫ বছৰ পুৰণি অনুষ্ঠান, কীর্তিচিহ্ণ, সমল সংৰক্ষণ কৰিব।

সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণ বিধেয়ক গৃহীত কৰাত মন্ত্ৰীৰ লগতে সদনৰ সকলো সদস্যক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সোণোৱালে৷

মুখ্যমন্ত্ৰী সোণোৱালে কয়- ‘দুয়োখন আঁচনি গৃহীত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো সন্মানীয় সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছো৷ আজিৰ দিনটো অসমে মনত ৰাখিব ৷ ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিধেয়কে আমাৰ জাতীয় জীৱনৰ স্বাভিমানক ৰক্ষা কৰিব।’

জাতি-মাটি-ভাষা-সাহিত্য ৰক্ষাত বিধেয়ক দুখন সহায়ক হ’ব৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি ৰাজ্যখনৰ ঐতিহ্যক্ষেত্রৰ সংৰক্ষণ, সংবর্ধনৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

সেইদৰে সদনত ‘দ্য আছাম ভেল্যুএডেড টেক্স (এমেণ্ডমেণ্ট) বিল ২০২০’, ‘দ্য আছাম টেক্সেচন (লিকুইডেচন অৱ এৰিয়াৰ ডিউজ) (এমেণ্ডমেণ্ট) বিল ২০২০’, ‘দ্য আছাম গুড্ছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল ২০২০’ আৰু ‘দ্য আছাম কলেজ এমপ্লইজ (প্রভিন্সিয়েলাইজেচন) (এমেণ্ডমেণ্ট) বিল ২০২০’ গৃহীত হয়৷