গোলাঘাটৰ পল্লৱ গগৈলৈ দেশৰ ভিতৰতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান !

গোলাঘাটৰ পল্লৱ গগৈলৈ দেশৰ ভিতৰতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান !

August 21, 2020 0 By NEWS DESK

কৃষি ক্ষেত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে৷

গোলাঘাটৰ পল্লৱ গগৈলৈ দেশৰ ভিতৰতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান।

পল্লৱ গগৈৰ ঘৰ গোলাঘাট জিলাাৰ খুমটাইৰ বুঢ়ালিকচন গাঁৱত৷ 

যুৱকজনে প্ৰায় ২০ বিঘা মাটিত এখন মিশ্ৰিত কৃষিপাম গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

যুৱকজনে প্ৰায় ২০ বিঘা মাটিত কলগছ, চাহ গছ, উন্নত প্ৰজাতিৰ গাহৰি, মাছ, সাঁচি, তামোল, নাৰিকল, জালুক আদিৰ খেতি কৰি বছৰি প্ৰায় ৩০ লাখ টকা উপাৰ্জন কৰাৰ কথা উল্লেখ কৰিছে।

এই কৃষিকৰ্মৰ বাবে যুৱকজনক তামিলনাডুৰ ICAR-National Research Center for Banana (ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰ) ৰ পৰা শ্ৰেষ্ঠ কল খেতিয়ক ২০২০ সন্মান প্ৰদান কৰিছে।

যুৱকজনে এই সন্মান লাভ কৰাৰ পিছত তেওঁৰ পামত গোলাঘাট কৃষি বিষয়া উপস্থিত হৈ পল্লৱক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনত সা-সুবিধা দিয়াৰ কথা উল্লেখ কৰে৷