নিউজ ডেস্ক। ঘূৰ্ণী বতাহ য়াছে লৈছে কাল ৰূপ। বুধবাৰে য়াছ প্ৰৱেশ কৰিছিল পশ্চিম বংগৰ লগতে উৰিষ্যাত। ঘণ্টাত ১৩০-১৪০ কিমি বেগত আহিছিল ঘূৰ্ণী বতাহ য়াছ। যিয়ে বহুতো ধ্বংসলীলা আৰু প্লাবনৰ সৃষ্টি কৰিছিল ৰাজ্য দুখনত।
সেয়েহে এই সন্দৰ্ভত সংবাদ গ্ৰহণৰ বাবে গৈছিল এজন সাংবাদিক। ইমান প্ৰতিকূল অৱস্থাত এজন লোক ঘৰৰ বাহিৰলৈ ওলাই অহা দেখি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত লোকজনে যি উত্তৰ প্ৰদান কৰিলে। সেইয়া সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল। বহুতে ইয়াক ব্যৱহাৰ কৰিছে হাঁহিৰ খোৰাক হিচাপে।
ঘটনা অনুসৰি, বুধবাৰে উৰিষ্যাত ঘূৰ্ণী বতাহ য়াছে কাল ৰূপ ধাৰণ কৰাৰ সময়তে সংবাদ গ্ৰহণ কৰিবলৈ গৈছিল নক্ষত্ৰ নিউজ নামৰ এক টিভি চেনেলৰ সাংবাদিক।
সাংবাদিকজনে পোনপটীয়া সম্প্ৰচাৰ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যে এজন লোকে সেই ১৩০-১৪০ কিমি বেগৰ বতাহত ওলাই আহিছে ঘৰৰ পৰা।
তাকে দেখি সাংবাদিকজনে লোকজনক সোধে যে- “ইমান বতাহত আপুনি কিয় ঘৰৰ বাহিৰলৈ ওলাই আহিছে?” উত্তৰত লোকজনে কয়- “আপুনি কিয় ওলাই আহিছে? আপুনি ওলাই আহিছে কাৰণেই মই ওলাই আহিছো।”
পুনৰ সাংবাদিকে কয়- “আমি খবৰ সংগ্ৰহৰ বাবে আহিছো। আমি যদি আপোনালোকক নেদেখুৱাও আপোনালোকে কেনেকৈ দেখিব?” পুনৰ উত্তৰত লোকজনে সাংবাদিকক কলে- “আমি ওলাই নাহিলে আপুনি কাক দেখুৱাব?
আমাক দেখুৱাবলেইটো আহিছে আপোনালোক। গতিকে দেখুৱাওক।” লোকজনৰ এই উত্তৰ শুনি বিবুধিত পৰে সাংবাদিকজন। আৰু তেওঁ আঁতৰি যায় লোকজনৰ ওচৰৰ পৰা।
Such a kind hearted man. Doing so much for the humanity.
— Arun Bothra (@arunbothra) May 26, 2021
Respect. pic.twitter.com/SCB1zhA5SQ
এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতে এই দৃশ্যক লৈ হাঁহিৰ খোৰাক হিচাপে বিবেচনা কৰিছে। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰুণ বোথ্ৰাই এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰি কয়- “আচৰিত দয়ালু লোক। মানৱতাৰ বাবে তেওঁ বহুত কষ্ট কৰিছে।”