NEWS8 NE

ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ, এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব পৰীক্ষা…

নিউজ ডেস্কঃ ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা।

২০২৩ চনৰ ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

বৃহস্পতিবাৰে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে ছেবাই।

এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন।

গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন।

নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

৯১২টা কেন্দ্ৰত হ’ব পৰীক্ষা।

এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

Exit mobile version