Site icon NEWS8 NE

ঘৰতে মাছে-মঙহে খোৱাটোৱে ভোগালী, বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়ঃ বিশ্বজিৎ দৈমাৰী

‘বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়, ঘৰতে পিঠা বনাই এসাজ মাছে-মঙহে খোৱাটোহে হ’ল ভোগালী বিহু।’ -ভোগালী বিহুক লৈ এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।

কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয় বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। তাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰে জাৰি কৰা নতুন এছঅ’পিৰ সমৰ্থনত এনেদৰে মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

উৰুকাৰ নিশা জাৰি কৰা নৈশ সান্ধ্য আইন আৰু তাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘বছৰটো কষ্ট কৰি ধান উৎপাদন কৰাৰ পিছত ঘৰতে পিঠা-পনা বনাই এসাজ মাছে-মঙহে খোৱাটোহে হ’ল আচল ভোগালী বিহু। বিহুৰ দিনাখন আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ঈশ্বৰৰ প্ৰতি নৈবদ্য আগবঢ়াই নিজে খাওঁ।’

বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে লগতে কয় যে ৰাতি ৰাতি ঘূৰাৰ প্ৰয়োজন নাই। আমাৰ মাজত সঘনাই লগ পাই থকটো কমাব লাগিব।

কোভিডৰ কোনো চিকিৎসা নাই বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে কোভিডৰ বাবেহে সান্ধ্য আইন। গতিকে এই নিয়ম সকলোৱে মানি চলাৰ প্ৰয়োজন আছে।

আনহাতে বিধানসভাৰ ভিতৰত অধ্যক্ষ হিচাপে তেওঁৰ নিৰপেক্ষতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বিশ্বজিৎ দৈমাৰীয়ে নিজকে নিৰপেক্ষ বুলি দাবী কৰে। তেওঁ কয়, ‘সদনত অকল শাসক আৰু বিৰোধী পক্ষ থাকে। কিন্তু কাৰোবাৰ বিৰুদ্ধে ৰুলিং দিলে অধ্যক্ষৰ ওপৰত অসন্তুষ্ট হৈ পৰে।’ আগন্তুক সময়ত তেওঁ অধিক নিৰপেক্ষ হোৱাৰ চেষ্টা কৰিব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে।

উল্লেখ্য যে, বিশ্বজিৎ দৈমাৰীয়ে ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয় পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ সমস্যাৰ বুজ লয়। এই সন্দৰ্ভত তেওঁ মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ জিৰণি কোঠাত এক আলোচনাতো অংশ লয়।

আলোচনাৰ পিছত বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰচেষ্টা হাতত লোৱা হব বুলি মন্তব্য কৰে। আনহাতে মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব আশ্বাস দিয়ে বিশ্বজিৎ দৈমাৰীয়ে৷

Exit mobile version