Site icon NEWS8 NE

ঘৰৰ পোহনীয়া কুুকুৰৰ জন্মদিন উদযাপন কৰিলে ৭ লাখ টকা ব্যয়েৰে! গ’ল ৰঙাঘৰলৈ…

বহুতো পৰিয়ালত পোহনীয়া জন্তু কেৱল এটা জন্তু নহয়, ই পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰে।

ফলস্বৰূপে, বহুলোকে পোহনীয়া জন্তুৰ সৈতে সময় কটোৱাৰ উদ্দেশ্যে কঠোৰ পৰিশ্ৰম কৰে। যাৰ জৰিয়তে পোহনীয়া জন্তুক তেঁওলোকে বিশেষ অনুভৱ কৰায়।

সেই অনুসৰি এইবাৰ দেখা গ’ল এক ব্যতিক্ৰম দৃশ্য। দৃশ্যটো গুজৰাটৰ আহমেদাবাদৰ।

এটা পৰিয়ালৰ লোকে তেওঁলোকৰ এবি নামৰ বগা পোহনীয়া কুকুৰটোৰ জন্মদিন অতি ধুমধামেৰে উদযাপন কৰে।

এবিৰ জন্মদিনৰ দৃশ্য নিমিষতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, পৰিয়ালটোৱে এবিৰ জন্মদিন উদযাপন কৰিবলৈ প্ৰায় ৭ লাখ টকা খৰচ কৰে।

আহমেদাবাদৰ নিকোল অঞ্চলত অনুষ্ঠিত হৈছিল এই বিলাসী জন্মদিন উদযাপন অনুষ্ঠানটো। এবিৰ জন্মদিন উপলক্ষে মধুবন গ্ৰীণ নামৰ এখন ঠাই ভাড়াত লৈছিল পৰিয়ালটোৱে।

অনুষ্ঠানটোৰ মণ্ডপ ফুল আৰু বেলুনেৰে বিয়াৰ দৰে সজোৱা হৈছিল। আনকি অনুষ্ঠানস্থলীৰ বিভিন্ন অংশত এবিৰ বিভিন্ন আকাৰৰ ফটোও আঁৰি দিয়া হৈছিল।

উল্লেখ্য যে আমন্ত্ৰিত অতিথিসকলেও এবিৰ জন্মদিনৰ পাৰ্টিলৈ আহি আচৰিত হৈছিল। এবিয়েও নতুন পোছাক আৰু ডিঙিত স্কার্ফ পিন্ধিছিল।

ছ’চিয়েল মিডিয়াত এবিৰ জন্মদিনৰ ফটো নিমিষতে ভাইৰেল হৈ পৰে। বহুতে ইয়াক প্ৰশংসা কৰাৰ বিপৰীতে বহুতে পোহনীয়া জন্তুৰ জন্মদিনৰ খৰচৰ মূল্যত অতিৰিক্ত বুলি মন্তব্য কৰে।

ইয়াৰোপৰি অনুষ্ঠানটোত এক বৃহৎ জনসমাগম হোৱা বুলিও জানিব পৰা যায়।

আনহাতে এই অনুষ্ঠানটোত কোনো অতিথিয়ে মাস্ক পৰিধান কৰা নাছিল বুলি আৰক্ষীক অভিযোগ দাখিল কৰে কোনোৱে। ইয়াৰ পাছতে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি ৩ জন লােকক গ্ৰেপ্তাৰ কৰে।

মূলতঃ ক’ভিড প্ৰট’কল ভংগ কৰাৰ অপৰাধতে গােচৰ ৰুজু কৰি আৰক্ষীয়ে কুকুৰৰ গৰাকী চিৰাগ ওৰফে দাগাে পেটেল (২৪), উৰ্বশী পেটেল (১৯) আৰু দিব্যেশ মহাৰীয়া (৩৫) নামৰ ৩ জনক গ্ৰেপ্তাৰ কৰে।

Exit mobile version