চন্দ্ৰৰ বুকুত নিৰ্মাণকাৰ্যৰ বাবে ভাৰতীয় বিজ্ঞানী সকলে উইৰিয়াৰে প্ৰস্তুত কৰিছে বিশেষ মহাকাশ ইটা !

চন্দ্ৰৰ বুকুত নিৰ্মাণকাৰ্যৰ বাবে ভাৰতীয় বিজ্ঞানী সকলে উইৰিয়াৰে প্ৰস্তুত কৰিছে বিশেষ মহাকাশ ইটা !

August 16, 2020 0 By NEWS DESK

চন্দ্ৰৰ বুকুত নিৰ্মাণকাৰ্যৰ বাবে ভাৰতীয় বিজ্ঞানী সকলে উইৰিয়াৰে প্ৰস্তুত কৰি উলিয়াইছে বিশেষ মহাকাশ ইটা ।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ৰ এটা গৱেষকৰ দলে উইৰিয়া আৰু চন্দ্ৰৰ বুকুৰ মাটিৰে এবিধ বিশেষ ইটা প্ৰস্তুত কৰি উলিয়াইছে ।

গৱেষকৰ দলটোৱে মানুহৰ প্ৰস্ৰাৱৰ পৰা সংগ্ৰহ কৰা উইৰিয়া আৰু চন্দ্ৰ পৃষ্ঠৰ মাটিৰ সংমিশ্ৰণেৰে বিশেষ মহাকাশ ইটা বিধ প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, চন্দ্ৰ পৃষ্ঠত মানুহে ভবিষ্যতে বসতি স্থাপন কৰাৰ বাবে নাছা, ইছৰোৰ লগতে কিছুসংখ্যক দেশৰ বিজ্ঞানী মহলে গৱেষণা অব্যাহত ৰাখিছে ।