চহৰতকৈ গাঁৱতহে ৮০ শতাংশ খেলুৱৈৰ জন্ম হয়ঃ সন্দীপ সিং

চহৰতকৈ গাঁৱতহে ৮০ শতাংশ খেলুৱৈৰ জন্ম হয়ঃ সন্দীপ সিং

October 17, 2020 0 By NEWS DESK

গুৱাহাটী। গুৱাহাটীত ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক তথা হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰী সন্দীপ সিঙ।

সিঙক উষ্ম আদৰণি অসম অলিম্পিক সংস্থাৰ।

গুৱাহাটীত সন্দীপ সিং

এই উপলক্ষে মহানগৰীৰ হােটেল তাজ ভিভান্টাত হােৱা এক আদৰণী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বহু উচ্চ পদস্থ বিষয়ববীয়াৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে।

অনুষ্ঠানত মন্তব্য প্ৰদান কৰি সন্দীপ সিঙে কয় যে ক্ৰীড়াক্ষেত্ৰৰ প্ৰগতি আৰু আঁচনিৰ সফল ৰূপায়ণত ক্লাব বা ৰাজ্যিক সংস্থাৰ সৈতে চৰকাৰ, খেলুৱৈ আৰু সংগঠকৰ মাজত পাৰম্পৰিক বুজাবুজি তথা সহযােগিতা অনিবাৰ্য।

ফটােঃ ইউ বি

অসমত যথেষ্ট প্ৰতিভা আছে আৰু বিগত খেলো ইণ্ডিয়াৰ যোগেদি যথেষ্ট আন্তঃগাঁথনিও হৈছে।

কিন্তু সেইবোৰ আন্তঃগাঁথনিৰ উপযুক্ত ৰক্ষাণাবেক্ষণ হোৱাটো প্ৰয়োজন বুলি তেওঁ ভাবে।

তেওঁ কয় যে মেট্ৰ’ চহৰাঞ্চলতকৈ ৮০ শতাংশ খেলুৱৈৰ আত্মপ্ৰকাশ ঘটে পিচপৰা আৰু প্ৰত্যন্ত গাঁও অঞ্চলত।

উল্লেখ্য যে হাৰিয়ানাই অহা ২০২১ চনত খেলো ইণ্ডিয়া সমাৰোহ আয়োজন কিৰব।