চাংলাঙত শ্বহীদ জােৱানলৈ শ্ৰদ্ধাঞ্জলী আছাম ৰাইফলছৰ,  বিস্ফােৰণৰ আঁৰত আলফা (স্বা)

চাংলাঙত শ্বহীদ জােৱানলৈ শ্ৰদ্ধাঞ্জলী আছাম ৰাইফলছৰ, বিস্ফােৰণৰ আঁৰত আলফা (স্বা)

October 6, 2020 0 By NEWS DESK

সােমবাৰে পুৱা অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আছাম ৰাইফলছৰ পানী কঢ়িওৱা টেংকাৰলৈ লক্ষ্য কৰি সন্দেহজনক উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা ভয়ংকৰ এম্বুছত শ্বহীদ হ’ল আছাম ৰাইফলছৰ জােৱান বীৰেন্দ্ৰ সিং।

শ্বহীদ জােৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আছাম ৰাইফলছৰ সঞ্চালক প্ৰধানে।

উল্লেখ্য যে উক্ত আক্ৰমণৰ ঘটনাত আছাম ৰাইফলছৰ আন এজন জােৱান গুৰুতৰভাৱে আহত হৈছে।

ইপিনে, উক্ত বিস্ফােৰণৰ দায়িত্ব স্বীকাৰ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটােৰ প্ৰচাৰ বিভাগৰ কেপ্টেইন দীপ অসমে এন এছ চি এন, জি পি আৰ এন, আলফা (স্বা) আৰু আৰ পি ই (পি এল এ)-য়ে যৌথভাৱে এই ভয়াৱহ আক্ৰমণ চলাইছিল।