NEWS8 NE

চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী ময়ূৰী শইকীয়া! ঋণ নােলােৱাকৈ লক্ষাধিক টকা পৰিশােধ কৰিবলৈ উপৰ্যুপৰি ভাবুকি…

নিউজ ডেস্কঃ ৰাজ্যৰ বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ঘটনাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী শইকীয়া।

ফোন কৰি কৰি লোন পৰিশোধ কৰিবলৈ ভাবুকি দি মানসিকভাৱে হাৰাহাস্তি কৰা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অৱশেষত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ’ল কণ্ঠশিল্পীগৰাকী।

কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিগত এসপ্তাহ ধৰি তেওঁলৈ অসমৰ বাহিৰৰ বিভিন্ন নম্বৰৰ পৰা বাৰে বাৰে ফোন কৰি আইচিআইচি বেংকৰ ১ লাখ ৪০ হাজাৰ টকাৰ লোন পৰিশোধ কৰিবলৈ ভাবুকি দিয়া হৈছে।

লক্ষণীয় কথাটো হ’লে- আইচিআইচি বেংক হওক বা আন কোনো বেংকৰ পৰা কোনো ধৰণৰ লোন লোৱা নাই কণ্ঠশিল্পীগৰাকীয়ে।

ময়ূৰী শইকীয়াই জানিবলৈ দিয়া মতে, এসপ্তাহৰ পূৰ্বে দিল্লীৰ পৰা তেওঁলৈ ফোন কৰিছিল এগৰাকী মহিলাই। নিজকে আইচিআইচি বেংকৰ লোন বিভাগৰ পৰা কোৱা বুলি জানিবলৈ দি মহিলাগৰাকীয়ে ময়ূৰী শইকীয়াক বেংকৰ পৰা লোৱা ১ লাখ ৪০ হাজাৰ টকাৰ লোন শীঘ্ৰে পৰিশোধ কৰিবলৈ কৈছিল।

কোনো ধৰণৰ লোন নোলোৱা ময়ূৰীয়ে এয়া প্ৰেংক কল বুলি ভাৱি উপেক্ষা কৰিবলৈ আৰম্ভ কৰাত বিভিন্ন নম্বৰৰ পৰা তেওঁলৈ প্ৰতি মিনিটৰ মূৰে মূৰে ফোন আহিবলৈ ধৰে।

কেৱল এয়াই নহয়, ময়ূৰী শইকীয়াৰ ফেচবুক তালিকাৰ বন্ধু সকললৈও ফোন কৰি কণ্ঠশিল্পীগৰাকীৰ হৈ লোন পৰিশোধ কৰিবলৈ ভাবুকি দিয়ে চাইবাৰ অপৰাধীয়ে।

আনকি লোন পৰিশোধ নকৰিলে ময়ূৰী শইকীয়াৰ মিউজিক ভিডিঅ’ বন্ধ কৰি দিব বুলিও ভয়-ভাবুকি প্ৰদান কৰে বহিঃ ৰাজ্যৰ এই চাইবাৰ অপৰাধী চক্ৰই।

যাৰ বাবে মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ অৱশেষত পল্টন বজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে কণ্ঠশিল্পীগৰাকীয়ে।

উল্লেখ্য যে, বিগত কিছুদিনত চাইবাৰ অপৰাধী চক্ৰৰ কবলত পৰি কেইবাগৰাকীও ব্যক্তিয়ে নিজৰ বেংক একাউণ্টত জমা থকা ধন হেৰুৱাবলগীয়া হৈছে। ডিব্ৰুগড়ৰ এহাল চিকিৎসক দম্পতীৰ পৰা সেনাৰ নাম লৈ চাইবাৰ অপৰাধীয়ে ডেৰ লাখ টকা লুটি নিয়াৰ পিছত জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়েও চাইবাৰ অপৰাধীৰ জালত পৰি হেৰুৱাবলগীয়া হয় ধন।

Exit mobile version