NEWS8 NE

‘চাইৱালা’ নহয়, এইবাৰ স্নাতক ‘চাইৱালী’ৰ কাহিনী!

নিউজ ডেস্ক। উচ্চ শিক্ষা গ্ৰহণ কৰিও সংস্থাপন বিচাৰি হাবাথুৰি খাবলগা হৈছিল এগৰাকী যুৱতীয়ে।

চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ অন্তত অৱশেষত নিজৰ লক্ষ্যই সলনি কৰি পেলালে অৰ্থনীতিৰ স্নাতক প্ৰিয়ংকা গুপ্তা নামৰ যুৱতীগৰাকীৰ।

বিহাৰৰ এগৰাকী তেনেই সাধাৰণ যুৱতী প্ৰিয়ংকাই পাটনাৰ মহিলা মহাবিদ্যালয়ৰ সন্মুখত এখন সৰু ষ্টল লগাই চাহ বিকিবলৈ আৰম্ভ কৰে। আৰু ইয়েই আজি প্ৰিয়ংকাক ‘চাইৱালী’ হিচাপে প্ৰতিষ্ঠা কৰিছে।

‘এমবিএ চাইৱালা’ প্ৰফুল্ল বিলোৰৰ দ্বাৰা অনুপ্ৰানিত হৈ চাহ বিক্ৰী আৰম্ভ কৰা প্ৰিয়ংকাই আজি নিজকে চাইৱালী বুলি ক’বলৈ গৌৰৱবোধ কৰে।

নাৰী হৈ পথৰ দাঁতিত চাহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰাৰ পিছত বহুতেই ঠাট্টা-মস্কৰা কৰিছিল প্ৰিয়ংকা গুপ্তাক। যাৰ বাবে প্ৰিয়ংকাৰ ষ্টলত লিখাই থোৱা আছেই- আনে কি ভাৱিব যদি আমি সেয়া ভাৱো, তেন্তে আনে কি ভাৱিব?’

প্ৰিয়ংকা গুপ্তাক এএনআইয়ে উদ্ধৃত কৰি কয়, “মই ২০১৯ চনত মোৰ স্নাতক কৰিছিলো। কিন্তু যোৱা দুবছৰত চাকৰি পাবলৈ অক্ষম হৈছিলোঁ। মই প্ৰফুল বিলোৰৰ পৰা অনুপ্ৰেৰণা লৈছিলো। বহুতো চাইৱালা আছে। চাইৱালী কিয় থাকিব নোৱাৰে?”

প্ৰিয়ংকাৰ ষ্টলত ১৫ টকাত কুলহাদ চাহ আৰু মচলা চাহ, পান চাহ, আৰু চকলেট চাহ ২০ টকাত পাব পাৰে। বিভিন্ন ধৰণৰ চাহৰ জুতি ল’বলৈ তেওঁৰ ষ্টলৰ সন্মুখত ভিৰ কৰে অগণন লোকে।

সংস্থাপন নাপায়, আত্মনিৰ্ভৰশীল হোৱা প্ৰিয়ংকাৰ এই কাহিনীয়ে মন চুই গৈছে নেটিজেনৰ।

যুৱতীগৰাকীৰ সপোন আৰু সাহসক অনেকেই প্ৰশংসা কৰিছে। কিন্তু তাৰ মাজতে বহুতে আকৌ দেশত সংস্থাপনহীনতাক লৈ উদ্বেগো ব্যক্ত কৰিছে।

সংস্থাপনৰ চৰম অভাৱৰ বাবেই প্ৰিয়ংকা গুপ্তাৰ দৰে মেধাৱী শিক্ষিত যুৱক-যুৱতীয়ে চাহ দোকান দিবলগা হৈছে বুলি মন্তব্য কৰে অনেকে।

লগতে চাওকঃ

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

Exit mobile version