Site icon NEWS8 NE

চাঞ্চল্যকৰ! ঘৰৰ সমীপতে চিপ লোৱা অৱস্থাত উদ্ধাৰ শিক্ষক, প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ…

নিউজ ডেস্কঃ নিজ বাসগৃহৰ সমীপতে চিপ লোৱা অৱস্থাত এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত।

মঙলবাৰে পুৱা বিশ্বনাথ নগৰৰ মধুপুৰস্থিত বাসগৃহৰ কাষৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় শিক্ষক তথা প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ।

জানিব পৰা মতে, অশোক বৰা বিশ্বনাথ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল।

পুৱা তেওঁৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

কিন্তু শিক্ষকগৰাকীয়ে কি কাৰণে এনে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া এতিয়াও স্পষ্ট নহয়।

অশোক বৰাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Exit mobile version