চাঞ্চল্যকৰ! সোণাৰিত সতীৰ্থৰ গুলীত মৃত্যু আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ, এবছৰ পূৰ্বে কৰিছিল বিয়া…

চাঞ্চল্যকৰ! সোণাৰিত সতীৰ্থৰ গুলীত মৃত্যু আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ, এবছৰ পূৰ্বে কৰিছিল বিয়া…

December 6, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

সোমবাৰে নিশা সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱায় চামগুৰিৰ বৰদলৰ নিৱাসী আৰক্ষী জোৱান গোকুল বসুমতাৰীয়ে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক কাকতি নামৰ সতীৰ্থ জোৱানজনক।

ইফালে গোকুল বসুমতাৰীয়ে প্ৰথমে প্ৰহাৰ কৰাৰ বাবেই গুলীয়াই হত্যা কৰা বুলি কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে হত্যাকাৰী দীপক কাকতিয়ে।

উল্লেখ্য যে, মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল গোকুল বসুমতাৰী।

পুৱা আৰক্ষী জোৱানজনৰ হত্যাৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে পৰিয়াল।

গোকুলৰ হত্যাকাৰী দীপক কাকতিক ফাঁচী শাস্তি দি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।

কিন্তু কি কাৰণত নিশা এগৰাকী সতীৰ্থই গোকুল বসুমতাৰীক গুলীয়াই হত্যা কৰিলে, সেয়া এতিয়াও ৰহস্য হৈ আছে।

Pix by UB Photos