চানডুবি বিলৰ কাষত উদ্ধাৰ গুলীবিদ্ধ হাতীৰ পোৱালি

চানডুবি বিলৰ কাষত উদ্ধাৰ গুলীবিদ্ধ হাতীৰ পোৱালি

September 19, 2020 0 By NEWS DESK

অসম-মেঘালয় সীমান্তৱৰ্তী বনাঞ্চলসমূহত বন্যপ্ৰাণীৰ চােৰাং চিকাৰী সক্ৰিয় হৈ থকা কথা পুনৰবাৰ প্ৰতিপন্ন হ’ল।

চােৰাং চিকাৰীয়ে সময়ে-সময়ে পহু, হাতী, বনৰৌ, বান্দৰ ইত্যাদি বন্যপ্ৰাণী হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে কামৰূপ তথা গােৱালপাৰা জিলাৰ অসম-মেঘালয সীমান্তৱৰ্তী বনাঞ্চলত।

তাৰ মাজতে এইবাৰ গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ পােৱালি।

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ প্ৰসিদ্ধ চানডুবি বিলৰ পাৰত অৱস্থিত জৰামখুৰীয়া গাঁও এলেকাত উদ্ধাৰ হৈছে এই পােৱালিটাে।

UB Photos

জানিব পৰা মতে, একাংশ স্থানীয় লােকে এই হাতী পোৱালিটো প্ৰত্যক্ষ কৰি বন বিভাগ তথা স্থানীয় সংগঠনসমূহক খবৰ দিয়ে।

তাৰ পাছতে স্থানীয় লোক, দল সংগঠনৰ প্ৰতিনিধিৰ সহযোগত বন বিভাগে হাতীৰ পোৱালিটো উদ্ধাৰ কৰে।

UB Photos

হাতী পােৱালিটােৰ চিকিৎসাৰ বাবে লােহাৰঘাট স্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে ব্যৱস্থা হাতত লৈছে যদিও বৰ্তমানে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।