Site icon NEWS8 NE

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ চৰ্চাৰ প্ৰসংগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান আৰু চান্দা!

এইবাৰ বিহুৰ নামত চান্দা তােলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গক।

তেজপুৰত সাংবাদিকসকলৰ সৈতে হােৱা এই সাক্ষাৎকাৰত জুবিনে কয়, ‘মই চান্দা বেয়া পাওঁ’।

চান্দা অবিহনে শিল্পীসকলক কেনেকৈ মাননি দিয়া হ’ব বুলি সােধা প্ৰশ্ন সন্দৰ্ভত জুবিনে কয় যে যেতিয়া বিহুৰ অনুষ্ঠান পতা হয়, তেতিয়া মনৰ আগ্ৰহেৰে মাননি দিব লাগে। জােৰ জুলুমকৈ ল’ব নালাগে। মাননিক চান্দা বুলি ধৰিব নালাগে।

ইপিনে, বৃহৎ নদীবান্ধ প্ৰসংগত জুবিনে কয় যে নদীবান্ধ বৈজ্ঞানিক ভিত্তিত নিৰ্মাণ কৰা হয়।

তেওঁ প্ৰসংগক্ৰমে কয় যে সম্প্ৰতিক পৰিস্থিতিত নতুন ছবিৰ পৰিকল্পনা তেওঁ কৰা নাই।

পৰিস্থিতি সাপেক্ষে এই বিষয়ে চৰ্চা কৰিব বুলি মন্তব্য কৰা জুবিনে চৰাকাৰী চাকৰিয়াল সকলক পিতৃ-মাতৃৰ স’তে থাকিবলৈ দিয়াৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰে।

Exit mobile version