চিকিৎসকে এতিয়াৰ পৰা কেপিটেল লেটাৰত লিখিব লাগিব প্ৰেছক্ৰিপশ্যনঃ উচ্চ ন্যায়ালয় !

চিকিৎসকে এতিয়াৰ পৰা কেপিটেল লেটাৰত লিখিব লাগিব প্ৰেছক্ৰিপশ্যনঃ উচ্চ ন্যায়ালয় !

August 16, 2020 0 By NEWS DESK

চিকিৎসকে এতিয়াৰ পৰা কেপিটেল লেটাৰত লিখিব লাগিব প্ৰেছক্ৰিপশ্যন ।

আপুনি হয়তো নিশ্চয় জানে যে, সাধাৰণ মানুহে চিনিব নোৱাৰে চিকিৎসকে লিখা প্ৰেছক্ৰিপশ্যন ।

কিন্তু এতিয়াৰে পৰা কেপিটেল লেটাৰত লিখিব লাগিব দৰৱ তথা নিদান পত্ৰ ।

উৰিষ্যা উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে ।

এক শুনানিৰ সময়ত ন্যায়াধীশ এছ কে পাণিগ্ৰাহীয়ে কয় যে চৰকাৰী বা ব্যক্তিগত তথা আন মেডিকেল প্ৰতিষ্ঠানত কাম কৰা চিকিৎসকসকলে দৰৱৰ নাম ডাঙৰ হাতৰ আখৰত লিখা উচিত যাতে সেয়া পঢ়িব পৰা যায়।

NDPS Act, 1985’-ত অভিযুক্ত এজন লোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এচ কে পানীগ্ৰহীয়ে ন্যায়ালয়ত জমা দিয়া ‘prescription’ত কি লিখা আছে ধৰিব পৰা নাছিল।

তাৰে ফলশ্ৰুতিত তেওঁ কয়- ডাক্তৰৰ হাতৰ আখৰৰ ‘prescription’ সমূহ পঢ়াটো অতি কষ্টকৰ আৰু সাধাৰণ লোকৰ বোধগম্যৰ বাহিৰত ।

এই সমস্যাৰ অন্ত পেলাবলৈ ডাক্তৰ সকলে কেপিটেল লেটাৰ ব্যৱহাৰ কৰি সকলোৱে বুজিব পৰাকৈ প্ৰেছক্ৰিপশ্যন লিখিব লাগে ।’

লগতে কয়- চিকিৎসকসকলে নিদান পত্ৰ, অ’পিডি শ্লিপ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদি বুজিব পৰাকৈ আৰু সুস্পষ্টকৈ লিখা উচিত।

উল্লেখযোগ্য যে, ২০১৬ চনত ‘Medical Council of India’ই চিকিত্‍সক সকলক প্ৰেছক্ৰিপশ্যনত দৰৱৰ জেনেৰিক নাম কেপিটেল লেটাৰত লিখিবলৈ নিৰ্দেশ দিছিল ।