চিকিৎসকে এম্বুলেঞ্চৰ চালক হৈ কঢ়িয়ালে ক’ৰনা ৰোগী!

চিকিৎসকে এম্বুলেঞ্চৰ চালক হৈ কঢ়িয়ালে ক’ৰনা ৰোগী!

August 29, 2020 0 By NEWS DESK

ক’ৰােনা অতিমাৰীৰ সময়ত এজন-এজন যােদ্ধাৰ ৰূপত জনসাধাৰণৰ বাবে থিয় দিছে দেশৰ স্বাস্থ্য-কৰ্মী তথা চিকিৎসকসকল।

নিজৰ জীৱনকাে তুচ্ছ জ্ঞান কৰি ক’ভিড ৰােগীৰ চিকিৎসাৰ দিনে-নিশাই ব্যস্থ এইসকল ক’ভিড যােদ্ধা।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ আহ্বানত সমগ্ৰ দেশবাসীয়েই চেল্যুট কৰিছে এইসকল যােদ্ধাক।

শেহতীয়াকৈ পুনেৰ ক’ভিড-১৯ কেয়াৰ চেণ্টাৰৰ পৰা সংকটজনক অৱস্থাত এজন বৃদ্ধ ক’ৰনা ৰোগীক এজন চিকিৎসকে এম্বুলেঞ্চৰ চালক হৈ চিকিৎসালয়লৈ কঢ়িয়াই নিয়া ঘটনা ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে।

জানিব পৰা মতে, চিকিৎসকজন কৰ্মৰত হৈ থকা ক’ভিড কেয়াৰ চেণ্টাৰত থকা এজন বৃদ্ধ ক’ৰনা ৰোগী হঠাতে সংকটজনক অৱস্থালৈ প্ৰৰ্যবসিত হয়।

এম্বুলেঞ্চত ৰোগীজনক উঠাই লোৱাৰ পাছতে দুৰ্ভাগ্যবশতঃ চালকজন অসুস্থ হৈ পৰে।

এনে সময়তে আন এজন চালকৰ প্ৰতি অপেক্ষা নকৰি ৩০ বছৰীয়া ডাঃ ৰঞ্জিত নিকম নামৰ চিকিৎসজনেই নিজে এম্বুলেঞ্চখন চলাই ৰোগীজনক হাস্পতাললৈ লৈ যায়।

উল্লেখ্য যে পুনৰ কেয়াৰ চেণ্টাৰত ৭৩ বছৰীয়া ৰোগীজন ডাঃ নিকামৰ নিৰীক্ষণতে আছিল।

ঘটনা সন্দৰ্ভত চিকিৎসক নিকমে প্ৰকাশ কৰা মতে, জ্যেষ্ঠ চিকিৎসকৰ সৈতে পৰামৰ্শৰ অন্তত ৰোগীজনৰ জীৱন বচাবলৈ তেওঁ এই সিদ্ধান্ত লৈছে।