চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান ! ৬জনক দোষমুক্ত ঘোষণা…

চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান ! ৬জনক দোষমুক্ত ঘোষণা…

October 13, 2020 0 By NEWS DESK

ডা০ দেবেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ঐতিহাসিক ৰায়দান প্ৰদান কৰে যোৰহাট জিলা সত্ৰ ন্যায়ধীশৰ আদালতে।

২৫ জন লোকক দোষী সাব্যস্ত যোৰহাট জিলা সত্ৰ ন্যায়ধীষৰ আদালতৰ।

২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল।

সেই হত্যাকাণ্ডতে জড়িত থকাৰ সন্দেহত মুঠ ৩২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সেই ৩২ জন লোকৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকোতেই মৃত্যু হৈছিল তাৰেই এজনৰ।

বাকি ৩১ জনৰ লোকৰ ৰায়দান দিয়ে ন্যায়াধীশ ৰবিন ফুকনৰ আদালতে।

য’ত ২৫ জন লোকক দোষী সাব্যস্ত কৰাৰ লগতে ৬ জনক দোষ মুক্ত কৰে আদালতে।

অহা সোমবাৰে অৰ্থাৎ ১৯ অক্টোবৰত শাস্তি ঘোষণা কৰা হ’ব এই ২৫জন অভিযুক্তৰ।

উল্লেখ্য যে বিগত ৩০ চেপ্তেম্বৰত এই ৰায়দানৰ ঘোষণা কৰাৰ আছিল যদিও হৰি মাঝি নামৰ এজন আচামীৰ মৃত্যুৰ তথ্য পাতি নহাৰ বাবে ৰায়দান ৫ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছিল।

কিন্ত ৫ অক্টোবৰত আন এজন আছামীৰ কৰ’ণা পজিটিভ হোৱাৰ বাবে পিছুৱাই দিয়া হৈছিল ১২ অক্টোবৰলৈ।

গ্ৰেপ্তাৰ কৰা ৩২ গাৰকী লোকৰ হৰি মাঝিৰ মৃত্যু হোৱাৰ বিপৰীতে অন্য ৩১ গৰাকী হৈছে- দেৱেশ্বৰ ৰাজোৱাৰ, উপেন্দ্ৰ ভুমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝি, অৰ্জুন মাঝি, অৰুণ মাঝি, সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, সুৰেশ ৰাজোৱাৰ, অজয় মাঝি, বিজয় ৰাজোৱাৰ, বলিন ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, গুলু দেৱ মাঝি, হৰি মাঝি, মিলন ৰাজোৱাৰ, প্ৰীতম মাঝি, ৰিংকু মাঝি, মিচিলাল মাঝি, সঞ্জু মাঝি, শিৱ চৰণ মাঝি, দেবা ৰাজোৱাৰ,কাৰ্তিক ভুমিজ, টকলু ৰাজোৱাৰ, কালিচৰণ মাহালি, ৰামেশ্বৰ ভূমিজ, শিবা মাহালি, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু ।