চিকিৎসালয়তে কাৰ্যালয় পাতি দলীয় কাম কাজ পৰিচালনা লালু প্ৰসাদৰ! PIL দাখিল

চিকিৎসালয়তে কাৰ্যালয় পাতি দলীয় কাম কাজ পৰিচালনা লালু প্ৰসাদৰ! PIL দাখিল

September 4, 2020 0 By NEWS DESK

দেশৰ একাংশ ৰাজনৈতিক নেতাৰ বাবে অসম্ভৱ বুলি ভবা কােনাে বস্তুৱেই নাই!

ইচ্ছা কৰিলে সাধাৰণ মানুহে অসম্ভৱ বুলি ভবা যিকোনাে কাম কৰি দেখুৱাবলৈ সক্ষম একাংশ বাহুবলি নেতা।

উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে বিগত কে’বামাহ ধৰি আৰ জে ডিৰ মুৰব্বী লালুপ্ৰসাদ যাদৱ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

কিন্তু চিকিৎসালয়তে দলীয় কাৰ্যালয় পতাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে।

এই সন্দৰ্ভত বিৰোধীয়ে আদালতত এক জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছে।

এই আবেদনত বিৰোধীয়ে অভিযোগ কৰা মতে, লালুপ্ৰসাদে ৰিমছ চিকিৎসালয়ত আৰ জে ডিৰ কাৰ্যালয় খুলি তাৰ পৰাই দলৰ যাৱতীয় কাম-কাজ কৰি আহিছে।

কাৰবন্দী লালুক তৎক্ষকালীনভাৱে চিকিৎসালয়ৰ পৰা কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈকো মনীষ কুমাৰ নামৰ আবেদনকাৰীয়ে দাবী জনাইছে।

কুমাৰৰ অভিযোগ অনুসৰি কাৰাগাৰৰ নিয়ম অমান্য কৰি চিকিৎসালয়ত বাহৰ পাতি থকা লালুপ্ৰসাদে যিকোনো সময়তে দলীয় নেতা-কৰ্মীক সাক্ষাৎ কৰাৰ লগতে দলৰ বিভিন্ন কাম-কাজ চিকিৎসালয়ৰ পৰা পৰিচালনা কৰিছে।

উল্লেখ্য যে পশুখাদ্য কেলেংকাৰিৰ তিনিটা গোচৰত দোষী সাব্যস্ত হৈ ২০১৭ৰ ২৩ ডিচেম্বৰৰ পৰা লালু কাৰাবন্দী হৈ আছে।

বিগত দুবছৰ ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে শাৰীৰিক অসুস্থতাৰ অজুহাতত ৰাঁচীৰ ৰিমছ হাস্পতালত চিকিৎসাধীন হৈ আছে।