চিলং লাজং এফ চিৰ প্ৰাক্তন ফুটবলাৰ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক ‍সেনা পদকে‍ৰে সন্মানিত !

চিলং লাজং এফ চিৰ প্ৰাক্তন ফুটবলাৰ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক ‍সেনা পদকে‍ৰে সন্মানিত !

August 19, 2020 0 By NEWS DESK

দেশৰ হৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে চিলং লাজং এফ চিৰ প্ৰাক্তন ফুটবলাৰ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক সেনা মেডেল (গেলেণ্ট্ৰি এৱাৰ্ড)ৰে  সন্মানিত কৰা হ’ব।

লালডংলিয়ানাৰ এই সাফল্যৰ বাবে চিলং লাজং এফ চি কৰ্তৃপক্ষই শুভেচ্ছা প্ৰদান কৰি লিখিছে- ‘সেনা মেডেলৰ বাবে মনোনীত হোৱা চিলং লাজঙৰ প্ৰাক্তন খেলুৱৈ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক হিয়াভৰা শুভেচ্ছা’।

উল্লেখ্য যে কে লালডিংলিয়ানাই ২০০৭ৰ পৰা ২০০৮ চনলৈকে চিলং লাজঙৰ হৈ খেলিছিল।

ইয়াৰোপৰি দলটোৰ হৈ ২০০৮ চনত আই লীগৰ চেকেণ্ড ডিভিজনত অংশ লৈছিল।

লালডিংলিয়ানাই মেঘালয় দলৰ হৈও খেলিছিল।

উল্লেখ্য যে মিজোৰামত জন্মগ্ৰহণ কৰা লালডিংলিয়ানাই বৰ্তমান অসম ৰেজিমেণ্টৰ ৪২ নং বেটেলিয়ন ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত হৈ আছে।