Site icon NEWS8 NE

চিলা উৰুৱাওঁতে চাদৰ পৰা পৰি ১২ বছৰীয়া কিশোৰৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা।

ঘৰৰ চাদৰ ওপৰত চিলা উৰুৱাই থাকোতে বাগৰি পৰি মৃত্যু হ’ল এজন ১২ বছৰীয়া কিশোৰৰ।

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ নয়দাৰ চিলাডাৰ থানা চেক্টৰ ৩৯ অঞ্চলৰ ছলেৰা গাঁৱত।

কিশোৰজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এই খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰে।

থানা চেক্টৰ ৩৯ ৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আজাদ সিং টোমাৰে কয় যে ছলেৰা গাঁৱত বাস কৰা আয়ুষ কুমাৰে (১২) তেওঁৰ ঘৰৰ চাদত চিলা উৰুৱাই আছিল। তেনেতে তেওঁ ভাৰসাম্য হেৰুৱাই তললৈ পৰি গৈছিল।

তেওঁক সংকটজনক অৱস্থাত নয়ডাৰ কৈলাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত যোৱা নিশা চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হৈছিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

Exit mobile version