চি পি এমৰ প্ৰতিবাদত উত্তপ্ত বিজেপি শাসিত ত্ৰিপুৰা ! বিজেপি আৰু চি পি এমৰ সদস্যৰ মাজত সংঘৰ্ষ…

চি পি এমৰ প্ৰতিবাদত উত্তপ্ত বিজেপি শাসিত ত্ৰিপুৰা ! বিজেপি আৰু চি পি এমৰ সদস্যৰ মাজত সংঘৰ্ষ…

August 26, 2020 0 By NEWS DESK

চি পি এমৰ প্ৰতিবাদত উত্তপ্ত বিজেপি শাসিত ত্ৰিপুৰা।

১৬ দফাৰ দাবীত ত্ৰিপুৰাত বামপন্থী চি পি এমৰ আহ্বানত বুধবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে চাব্ৰুমৰ শিলাচড়িত বিজেপি আৰু চি পি এমৰ সদস্যৰ মাজত সংঘটিত হয় তীব্ৰ সংঘাত।

উক্ত সংঘাতৰ ফলত দুয়ো পক্ষৰে ২০ জনৰো অধিক লোক আহত হয় বুলি জানিব পৰা গৈছে।

বিজেপিয়ে দাবী কৰিছে যে, চি পি এম-ৰ প্ৰতিবাদ সফল নোহোৱাৰ বাবে তেওঁলোকৰ সদস্যসকলে হিংসাত্মক ঘটনা সংঘটিত কৰিছে।

আনহাতে চি পি এম-এ দাবী কৰিছে যে বিজেপিৰ সদস্যসকলে আন্দোলন ব্যৰ্থ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰৰোচনামূলকভাৱে আক্ৰমণ সংঘটিত কৰি সংঘৰ্ষৰ সৃষ্টি কৰিছে।

আনহাতে ৰাজধানী আগৰতলাৰ উক্ত প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰো উপস্থিত আছিল।

ৰাজধানী আগৰতলাত প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে বাট আগচি ধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে স্বেচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

অৱশ্যে কিছু সময়ৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুকলি কৰি দিয়া হয়।

ইয়াৰ পাছতে মাণিক সৰকাৰে দাবী কৰি কয় যে, দেশত গণতান্ত্ৰিক পৰিৱেশ নাইকিয়া হৈছে। কৰ’ণাৰে মোকাবিলা কৰাৰ লগতে দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ।