চীনত নহয়, এইখন দেশতে দীঘল দাঢ়ি ৰাখি চাকৰি হেৰুৱালে এগৰাকী ইছলাম ধৰ্মী লোকে!

চীনত নহয়, এইখন দেশতে দীঘল দাঢ়ি ৰাখি চাকৰি হেৰুৱালে এগৰাকী ইছলাম ধৰ্মী লোকে!

October 22, 2020 0 By NEWS DESK

দাঢ়ি ৰখাৰ বাবেই চাকৰিৰ পৰা নিলম্বন হ’ব লগা হ’ল এগৰাকী ইছলাম ধৰ্মী লোকে।

বিনা অনুমতিত দাঢ়ি ৰখাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক নিলম্বন কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চাকৰিৰ পৰা নিলম্বন হোৱা উপ-পৰিদৰ্শকজন হৈছে ইনটছাৰ আলী।

ইনটছাৰ আলী উত্তৰ প্ৰদেশৰ ৰমলা আৰক্ষী থানাত কৰ্মৰত।

জানিব পৰা মতে আলীক দাড়ি কটাৰ বাবে তিনিবাৰকৈ নিৰ্দেশ দিয়া হৈছিল আৰু দাড়ি দীঘল কৰাৰ বাবে অনুমতি ল’বও কোৱা হৈছিল।

কিন্তু আৰক্ষী বিষয়াজনে এই কথা অবজ্ঞা কৰি দাড়ি নকটাকৈ থাকে।

 আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, আলীক দাড়ি কাটিবলৈ তিনিবাৰকৈ কোৱা হৈছিল যদিও তেওঁ এই নিৰ্দেশ অমান্য কৰাত এই শাস্তিমূলক ব্যৱস্থ্যা গ্ৰহণ কৰিবলৈ বাধ্য হয়।

আৰক্ষী অধীক্ষকেগৰাকীয়ে লগতে কয় যে, নিয়ম অনুসৰি শিখসকলৰ বাহিৰে আন কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব নোৱাৰে।যদি কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব খোজে, তেন্তে তেওঁ বিভাগৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয়।

ইপিনে ইনটছাৰ আলীয়ে কয় যে, নৱেম্বৰৰ পৰাই তেওঁৰ আবেদন গ্ৰহণ কৰা হোৱা নাই। লগতে তেওঁ ইয়াকো কয় যে, যোৱা ২৫ বছৰৰ চাকৰিৰ জীৱনত তেওঁৰ বাবে দাঢ়ি কেতিয়াও অসুবিধা হিচাপে দেখা দিয়া নাই।