চুক্তি সম্পন্ন! ৰাছিয়াই ভাৰতক যােগান ধৰিব ১੦ কােটি ক’ভিড-১৯ প্ৰতিষেধক SPUTNIK-V

চুক্তি সম্পন্ন! ৰাছিয়াই ভাৰতক যােগান ধৰিব ১੦ কােটি ক’ভিড-১৯ প্ৰতিষেধক SPUTNIK-V

September 17, 2020 0 By NEWS DESK

দেশত ক’ভিড-১৯ অতিমাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে আহিছে এক ভাল খবৰ।

ৰাছিয়াই অনুমােদন জনােৱা ক’ভিড-১৯ৰ প্ৰতিষেধক SPUTNIK-V অচিৰেই লাভ কৰিব ভাৰতে।

প্ৰথম পৰ্যায়ত ভাৰতক এই প্ৰতিষেধকৰ ১੦ কােটি ডােজ প্ৰদান কৰিব দেশখনে।

ভাৰতৰ আগশাৰীৰ ঔষধ প্ৰতিষ্ঠান ডাঃ ৰেড্ডীজ লেব’ৰেটৰীৰ সৈতে এই সম্পৰ্কত আনুষ্ঠানিকভাৱে চুক্তি সম্পাদন কৰিছে ৰাছিয়া চৰকাৰৰ অধীনস্থ ছ’ভেৰিন ৱেল্থ ফাণ্ডে।

এই প্ৰতিষেধকৰ ৩੦ কােটি ডােজ প্ৰস্তুত কৰাৰ বাবে ভাৰতীয় প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ সৈতে চূড়ান্ত বুজবুজিত উপনীত হােৱাৰ পাছতে এই ঘােষণা কৰিছে ৰাছিয়াৰ প্ৰতিষ্ঠানটােৱে।

এই সন্দৰ্ভত ৰাছিয়ান ডাইৰেক্ট ইন্ভেষ্টমেন্ট ফাণ্ড (RDIF)ৰ তৰফৰ পৰা বিবৃতিত প্ৰকাশ কৰা মতে ভাৰতত ডাঃ ৰেড্ডীজে এই প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ সম্পৰীক্ষা সম্পন্ন কৰিব।

তাৰ পাছত ভাৰত চৰকাৰৰ পৰা প্ৰতিষেধক উৎপাদনৰ অনুমতি লাভ কৰিলে চলিত বছৰৰ নৱেম্বৰ মাহৰ পৰাই প্ৰতিষেধকৰ যােগান প্ৰক্ৰিয়া আৰম্ভ কৰিব।

এই প্ৰতিষেধক উপলব্ধ হােৱাৰ পাছত ভাৰতে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বহুলাংশে সাফল্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ডাঃ ৰেড্ডীজৰ সহ-অধ্যক্ষ জি ভি প্ৰসাদে।