চূড়ান্ত লাজ পাইছো, আচলতে খং ,লাজ, দুখ সকলো। মেৰুদণ্ড পোন হৈ থাকিলে ভালঃ প্ৰস্তুতি পৰাশৰ !

চূড়ান্ত লাজ পাইছো, আচলতে খং ,লাজ, দুখ সকলো। মেৰুদণ্ড পোন হৈ থাকিলে ভালঃ প্ৰস্তুতি পৰাশৰ !

August 27, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

সমানে ৰাজনীতিত যোগদান কৰাৰ জোৱাৰ উঠিছে ৰাজ্যৰ শিল্পীসকলৰ মাজত।

কোনোবাই যদি গেৰুৱা বসন পিন্ধিছে, কোনোবাই আকৌ বিদেশী খেদাৰ লক্ষ্যৰে যোগদান কৰিছে বিজেপিত।

কিন্তু একাংশ শিল্পীৰ এনে মানসিকতাক মানি ল’ব পৰা নাই আন বহু শিল্পীয়ে।

এনে কাৰ্যক একপ্ৰকাৰ ধিক্কাৰ দিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

সাংস্কৃতিক কৰ্মীৰ এনে কৰ্মকাণ্ড দেখি নিজেই লজ্জিত বুলি ছচিয়েল মিডিয়াৰ জৰিয়তে পোষ্ট শ্বেয়াৰ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

প্ৰস্তুতিয়ে ফেচবুকত লিখিছে- ‘চূড়ান্ত লাজ পাইছো আজিৰ দিনটোত। আচলতে খং ,লাজ, দুখ সকলো।মেৰুদণ্ড পোন হৈ থাকিলে ভাল।’