Site icon NEWS8 NE

চৌদিশে বিষাক্ত ফেন! তাৰ মাজতে ষট্ পূজাৰ স্নানত ব্যস্ত জনতা

দেশজুৰি উদযাপন কৰা হৈছে ষট্ পূজা।

কিন্তু ইয়াৰ মাজতে যমুনা নৈত উদযাপন কৰা ষট্ পূজা চৰ্চিত হৈছে দেশজুৰি।

ইয়াৰ কাৰণ হ’ল ভয়াৱহ প্ৰদূষণৰ কবলত পৰা নৈখনৰ সাম্প্ৰতিক পৰিৱেশ যাৰ বাবে জনতাৰ স্বাস্থ্যলৈ আহিছে তীব্ৰ ভাবুকি।

জানিব পৰা মতে, দিল্লীৰ যমুনাত শুভ্ৰ বিষাক্ত ফেনত সৃষ্টি হয়।

যমুনাৰ পানীত বিষাক্ত ফেন উদ্ভৱ হোৱাত বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে। কিন্তু যমুনাত সৃষ্টি হোৱা বিষাক্ত ফেনলৈ কৰ্ণপাত নকৰি বহু লোকে ষট্ পূজা উপলক্ষে স্নান কৰিছে।

ফেনৰ মাজতে জনতাই স্নান কৰাৰ দৃশ্য সামাজিক মাধ্যমতাে বিয়পি পৰিছে।

বিশেষজ্ঞই সকীয়াই দিয়াৰ পিছতো একাংশ লোকে ষট্ পূজাৰ নিয়ম মানি বিষাক্ত পানীত স্নান কৰে।

উল্লেখ্য যে চাৰি দিনৰ বাবে চলিবলগীয়া ষট্ পূজাৰ বিভিন্ন পৰ্বত জনতাই যমুনাত স্নান কৰিব।

এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ষট্ পূজাৰ সময়ছোৱাতে যমুনাত প্ৰদূষণৰ বাবে বিষাক্ত ফেন সৃষ্টি হৈ আহিছে আৰু মানুহে তাৰ মাজতে স্নান কৰি আহিছে।

প্ৰদূষণৰ ফলত দিল্লীৰ যমুনাৰ পানীত আৰ্মেনিয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়।

যমুনাৰ আশে-পাশে থকা বিভিন্ন ফেক্টৰী, উদ্যোগ, ধোবি ঘাট আৰু ঘৰত ব্যৱহাৰ হোৱা ডিটাৰজেণ্টৰ পানী যমুনাত পৰাৰ ফলত ফছফেটৰ পৰিমাণ অধিক বৃদ্ধি পোৱাৰ ফলতে এই বিষাক্ত ফেনৰ সৃষ্টি হয় বুলি অনুমান কৰা হৈছে।

কালিন্দী কুঞ্জৰ সমীপৰ যমুনাত সৰ্বাধিক এনে বিষাক্ত ফেন সৃষ্টি হৈছে।

Exit mobile version