চৰকাৰী খৰচত নহ’ব ধর্মীয় শিক্ষা, অচিৰেই বন্ধ হ’ব মাদ্রাছাঃ হিমন্ত বিশ্ব শৰ্মা !

চৰকাৰী খৰচত নহ’ব ধর্মীয় শিক্ষা, অচিৰেই বন্ধ হ’ব মাদ্রাছাঃ হিমন্ত বিশ্ব শৰ্মা !

October 9, 2020 0 By NEWS DESK

অচিৰেই বন্ধ হ’ব মাদ্ৰাছ।

অহা নৱেম্বৰ মাহত আনুষ্ঠানিক নির্দেশনা জাৰি কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷

বৃহস্পতিবাৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰি কয় যে ধর্মীয় শিক্ষা চৰকাৰী খৰচত হ’ব নোৱাৰে৷ নৱেম্বৰত ৰাজ্য চৰকাৰে এইক্ষেত্রত সিদ্ধান্ত ল’ব৷

উল্লেখ্য যে, AIUDFএ মাদ্রাছা বন্ধ নকৰিবলৈ শিক্ষামন্ত্রীক এখন স্মাৰক–পত্র প্রদান কৰিছিল৷

এই সন্দৰ্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয়- AIUDFএ ইয়াৰ দাবীত স্মাৰক–পত্র দিলেও চৰকাৰে মাদ্রাছা বন্ধ কৰাৰ বাবে সিদ্ধান্ত ল’ব৷ মাদ্রাছাৰ জৰিয়তে যে ধর্মীয় শিক্ষা দিয়া নহ’ব, সেই সম্পর্কে বিধানসভাত আমি যি স্থিতি দাঙি ধৰিছিলোঁ, সেই ধৰণেই আগবাঢ়িম৷

লগতে কয়- চৰকাৰী খৰচত অসমত ধর্মীয় শিক্ষা ল’ব নোৱাৰিব৷ কোনোবাই যদি ব্যক্তিগত অথবা বেচৰকাৰীভাৱে ধর্মীয় শিক্ষানুষ্ঠান চলায়, তাত কোনো বাধা নাই৷ কিন্তু চৰকাৰী খৰচত যে কোনো ধর্মীয় শিক্ষা নহয়, সেয়া স্পষ্ট৷

নৱেম্বৰ মাহত আমি সিদ্ধান্ত ল’ম, ইয়াৰ বাবে কাম–কাজ চলি আছে৷

ইফালে সংস্কৃত টোলৰ প্রসংগত তেওঁ কয়- সংস্কৃত টোলৰ কাম-কাজ স্বচ্ছ নহয়৷ গতিকে টোলসমূহৰ ক্ষেত্রতো ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কিন্তু টোল আৰু মাদ্রাছা একে নহয়৷ দুয়োটা পৃথক পৃথক বিষয়৷

সুকীয়া সুকীয়া চৰকাৰী নির্দেশনা প্রদান কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।