চৰকাৰী গাড়ীত তেল ভৰাবলৈ পইচা নাই তথাপি নগদ ধনৰ বজাৰ মেলিছে চৰকাৰেঃ অপূৰ্ব ভট্টাচাৰ্য

চৰকাৰী গাড়ীত তেল ভৰাবলৈ পইচা নাই তথাপি নগদ ধনৰ বজাৰ মেলিছে চৰকাৰেঃ অপূৰ্ব ভট্টাচাৰ্য

September 16, 2020 0 By NEWS DESK

‘মুখ্যমন্ত্ৰী কনভয়ৰ গাড়ীত তেল ভৰাবলৈ অসম চৰকাৰৰ হাতত টকা নাই, কিন্তু ইমানৰ পাছতাে চৰকাৰে ৰাজ্যখনত নগদ ধনৰ বজাৰ মেলিছে।’

অসম চৰকাৰৰ এইদৰে কটাক্ষ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ।

তেজপুৰ স্থিত ৰাজীৱ ভৱনত এক সংবাদমেলত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

তেওঁ কয় যে অৰুণােদয় আঁচনিৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীলৈ মাহিলী ৮৩੦ টকাকৈ নিৰ্বাচনী টৌপ দিছে অসম চৰকাৰে।

ৰাইজক বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ ভংগ কৰাৰ বাবে গণভিত্তি হেৰুৱাইছে বিজেপি দলে।

সেয়েহে এনেদৰে নগদ ধনৰ বজাৰ মেলি ৰাইজক পুনৰ নিৰ্বাচনত ৰামঠগন দিয়াৰ পৰিকল্পনা কৰিছে শাসকীয় দলটােৱে।

আছু আৰু অসম জাতিয়তাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আগন্তুক নিৰ্বাচনত বিজেপি দলকহে অধিক ক্ষতি কৰিব বুলি তেওঁ মন্তব্য কৰে।