চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক তীব্ৰ বিৰোধিতা আলফা(স্বা)ৰ !

চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক তীব্ৰ বিৰোধিতা আলফা(স্বা)ৰ !

September 4, 2020 0 By NEWS DESK

চৰকাৰক দূৰ্গোৎসৱৰ আয়োজন বন্ধ কৰাৰ আহ্বান আলফা স্বাধীনৰ।

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে চৰকাৰে শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিবলৈ লোৱা আঁচনিক তীব্ৰ বিৰোধিতা কৰিছে আলফা(স্বা)-এ।

এক প্ৰেছ বিবৃত্তি যোগে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷

সংগঠনটোৱে উল্লেখ কৰিছে যে, অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু উদযাপনকো বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তিত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে? অসমৰ থলগিৰি সমাজ বা জাতি ধৰ্মভিত্তিক নহয়।তেনেস্থলত মোডীক সন্তুষ্ট কৰাৰ স্বাৰ্থত ‘অতি হিন্দু’ হবলৈ যোৱা অসমৰ চৰকাৰখনৰ এনে জন-স্বাস্থ্য বিৰোধী পদক্ষেপক আমি ধিক্কাৰ দি দুৰ্গা পূজা আয়োজন বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ।