Site icon NEWS8 NE

ছবি প্ৰযােজক ৰবীন্দৰৰ সৈতে বিয়াত বহিল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী

নিউজ ডেস্ক। বিবাহ পাশত আবদ্ধ হ’ল দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী।

দৰা দাক্ষিণাত্যৰ বিশিষ্ট ছবি নিৰ্মাতা ৰবীন্দৰ চন্দ্ৰশেখৰণ।

এই বিয়াৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমতাে।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহখন।

তিৰুপতিত পৰিয়াল আৰু অন্তৰংগ বন্ধু-বান্ধৱীৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলে দুয়োজনে।

শেহতীয়াকৈ বিদ্যুম বৰাই কাথিৰু নামৰ এখন ছবিত একেলগে কাম কৰিছে ৰবীন্দৰ আৰু মহালক্ষ্মীয়ে। তাৰ পিছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

প্ৰণিধানযোগ্য যে, মহালক্ষ্মীৰ হৈছে এয়া দ্বিতীয় বিবাহ।

ইয়াৰ পূৰ্বে অনিল কুমাৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল যদিও দুটি সন্তান জন্মৰ পিছত ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছিল।

Exit mobile version