ছয়গাঁৱৰ গৰৈমাৰী আৰক্ষীৰ অভিযানত জব্দ ৭,৮০০ লিটাৰ চোৰাং আমূল তাজা !

ছয়গাঁৱৰ গৰৈমাৰী আৰক্ষীৰ অভিযানত জব্দ ৭,৮০০ লিটাৰ চোৰাং আমূল তাজা !

October 11, 2020 0 By NEWS DESK

ছয়গাঁৱৰ গৰৈমাৰী আৰক্ষীয়ে জব্দ কৰিলে ৭,৮০০ লিটাৰ চোৰাং আমূল তাজা

ছয়গাঁও আৰক্ষী থানাৰ অধীনস্থ গৰৈমাৰী আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ চোৰাং পনীয়া আমূল তাজা ৷ এক গোপন সুত্ৰৰ পম খেদি গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন্দ্ৰ সিনহাই নেতৃত্ব দিয়া অভিযানকাৰী দলটোৱে ছয়গাঁৱৰ বিহাপাৰা গাঁৱৰ চুলতান আলীৰ ঘৰৰ পৰা ৭,৮০০ লিটাৰ চোৰাং পনীয়া আমূল তাজা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

গৰৈমাৰী আৰক্ষীয়ে সদৰীকৰামতে, জব্দকৃত পনীয় আমূল তাজা খিনিৰ মুল্য প্ৰায় ৫ লাখ টকা ৷

কোনো অজ্ঞাত চোৰাং ব্যৱসায়ীয়ে ট্ৰাকসহ সামগ্ৰীখিনি চুৰি কৰি হাতীপাৰাৰ বিহাপাৰা গাঁৱৰ চুলতান আলীৰ ঘৰত মজুত ৰাখিছিল ৷

চোৰাং পনীয়া আমূল তাজা খিনিৰ প্ৰকৃত গৰাকীৰ সন্ধান বৰ্তমানলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ইফালে আৰক্ষীৰ অভিযানকালত সামগ্ৰীখিনি মজুত ৰখা চুলতান আলী পলাতক অৱস্থাত আছিল বুলি আৰক্ষীসুত্ৰে প্ৰকাশ পাইছে ৷ আনহাতে চুলতান আলীক অতি শীঘ্ৰেই আটক কৰা হব বুলি গৰৈমাৰী আৰক্ষীয়ে জানিবলৈ দিছে ৷