ছিকিমৰ অতি দুৰ্গম অঞ্চলত পথভ্ৰষ্ট হোৱা ৩ চীনা নাগৰিকক উদ্ধাৰ কৰি শুশ্ৰূষা কৰিলে ভাৰতীয় সেনাই !

ছিকিমৰ অতি দুৰ্গম অঞ্চলত পথভ্ৰষ্ট হোৱা ৩ চীনা নাগৰিকক উদ্ধাৰ কৰি শুশ্ৰূষা কৰিলে ভাৰতীয় সেনাই !

September 5, 2020 0 By NEWS DESK

চীন সীমান্তত প্ৰতিদিনে অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাই দেখুৱালে মানৱীয়তাৰ নিদৰ্শন।

উত্তৰ ছিকিমৰ দুৰ্গম পাহাৰৰ পৰা ভাৰতীয় সৈন্যই উদ্ধাৰ কৰে তিনিজন চীনৰ নাগৰিক।

৩ ছেপ্তেম্বৰ তাৰিখে অঞ্চলটোত ৰাস্তা হেৰুৱাই তিনিজন চীনা নাগৰিক বিপদত পৰিছিল।

Image

পিছত ১৭,৫০০ ফুট উচ্চতাৰ পৰা অতি কম তাপমাত্ৰাত সংকটজনক অৱস্থাত ভাৰতীয় সেনাই উদ্ধাৰ কৰে তিনিওজন চীনা লোকক।

আনকি ভাৰতীয় সেনাই তিনি চীনা নাগৰিকক উদ্ধাৰ কৰাৰ লগতে তেওঁলোকক খাদ্য, কাপোৰ, অক্সিজেন, আদি যোগান ধৰাৰ লগতে উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰে।

Image

 তাৰ পাছত ভাৰতীয় সেনাই চীনা নাগিৰক কেইগৰাকীক নিজ দেশলৈ উভতি যোৱাত সহায় কৰে।

যি সময়ত চীনা সেনাই অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ ভাৰত চীন সীমান্তত ৫জন ভাৰতীয় নাগৰিকক অপহৰণ কৰিছে তেনে সময়তে ভাৰতীয় সেনাই দেখুওৱা এনে মহানুভৱতাই বিশ্ব জুৰি প্ৰশংসা লাভ কৰিছে।