ছেবাৰ নিৰ্লজ্জ কাণ্ড! পৰীক্ষাৰ ৪ বছৰৰ মূৰত মেট্ৰিকত স্থান লাভ ছাত্ৰৰ

ছেবাৰ নিৰ্লজ্জ কাণ্ড! পৰীক্ষাৰ ৪ বছৰৰ মূৰত মেট্ৰিকত স্থান লাভ ছাত্ৰৰ

September 26, 2020 0 By NEWS DESK

হনী ঝাঁঝৰী। পুনৰ নিৰ্লজ্জ কাণ্ড ছেবাৰ। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ দিক্ নিৰ্ণায়ক হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ পুনৰ পােহৰলৈ আহিল ছেবা কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ঘটনা।

চাৰি বছৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হােৱা মেধাবী ছাত্ৰই একমাত্ৰ ছেবাৰ গাফিলতিৰ বাবে বঞ্চিত হ’ল স্থান লাভৰ পৰা।

পুনঃ পৰীক্ষণৰ নামত ভেকােঁভাওনা চলে ছেবাত! এই কথা পুনৰবাৰ উন্মোচিত হ’ল ৰঙিয়াৰ মেধাবী ছাত্ৰ ভাৰ্গৱ ৰাজবংশীৰ ক্ষেত্ৰত।

ভাৰ্গৱ ৰাজবংশী

অৱশেষত আইনী যুঁজত ৪ বছৰ মূৰত ন্যায় লাভ কৰিলে ছাত্ৰজনে।

ছেবাই প্ৰদান কৰিছে নতুন মাৰ্কশ্বিট। পূৰ্বৰ ৫৬੦ নম্বৰৰ সলনি লাভ কৰিলে ৫৬৭ নম্বৰ।

লগতে লাভ কৰিলে ৰাজ্যৰ ভিতৰতে ১৯তম স্থান।

উল্লেখ্য যে ২੦১৬ বৰ্ষত ঘােষিত ফলাফলত সমাজ বিজ্ঞান বিষয়ত ছাত্ৰজনে ৮৭ নম্বৰ লাভ কৰিছিল।

কিন্তু প্ৰকৃততে পৰীক্ষকে নম্বৰ যােগ কৰাত গাফিলতি কৰাৰ বাবে ৭ নম্বৰ কমকৈ লাভ কৰিছিল ছাত্ৰজনে।

২০১৬ বৰ্ষত প্ৰথম মাৰ্কশ্বিটখন

পুনঃ পৰীক্ষণতাে কােনাে লাভ নহ’ল ছাত্ৰজনৰ। পাছত RTIত বহীখন লাভ কৰাত জােলােঙাৰ মেকুৰি ওলাই পৰিল।

পৰীক্ষকে নম্বৰ দিয়াৰ পাছতাে যােগ কৰা নাছিল সেই অতিৰিক্ত ৭ নম্বৰকেইটা।

এই বিষয়ে ছেবা কৰ্তৃপক্ষক অৱগত কৰিও ৭ নম্বৰৰ ঠাইত ৫ নম্বৰহে বঢ়াই দিবলৈ মান্তি হ’ল ছেবা, কিন্তু ৭ নম্বৰ দিলে ছাত্ৰজনে শীৰ্ষ ২੦ ছাত্ৰ-ছাত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হয়।

এনে হ’লে চৰম অস্বস্তিত পৰিব ছেবা।

ছাত্ৰজনে লাভ কৰা নতুন মাৰ্কশ্বিটখন

উপায়ন্তৰ হৈ ছাত্ৰজনে সুদীৰ্ঘ ৪ বছৰ আইনী যুঁজ দি ন্যায় লাভ কৰিবলৈ সক্ষম হয়। ছেবাৰ পৰা লাভ কৰিলে শুদ্ধ মাৰ্কশ্বিট। লাভ কৰিলে ২੦১৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ১৯তম স্থান।

এতিয়া শিক্ষামন্ত্ৰী তথা শিক্ষাবিভাগলৈ ছাত্ৰজনে ফেচবুকৰ জৰিয়তে কেইটামান প্ৰশ্ন উত্থাপন কৰিছেঃ

১) আপোনালোকৰ ভুলৰ বাবে হোৱা ২-১ নম্বৰৰ গাফিলতিৰ ফলত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ সপোনৰ কলেজখনত নামভৰ্তি কৰিব নোৱাৰিলে । সেইসকলৰ সপোন ভগাৰ দায়িত্ব ল’বনে?

২)পুনৰ পৰীক্ষণৰ ভেকোভাওনা কৰি এটা বিষয়ত শতাধিক টকা লোৱাৰ নাটকখন কিয়?

৩) নামভৰ্তিৰ আগতেই কিয় পুনঃপৰীক্ষণৰ ফলাফল দিয়া নাযায়?

৪)স্থান লাভ নকৰাৰ বাবে হেৰুৱাব লগা হোৱা বিভিন্ন মাননি , সহায় , Coaching Institutionৰ জলপানিখিনি বাদেই দিলো মোৰ নিচিনা হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ সপোনকলৈ খেলা কৰাৰ অধিকাৰ ক’ৰ পৰা পালে? আৰু সম্পূৰ্ণ প্ৰমাণ দিয়াৰ পিছতো কেৱল মাত্ৰ বিতৰ্কৰ ভয়ত চাৰি বছৰ অত্যাচাৰ কৰাৰ অধিকাৰ কোনে দিলে আপোনালোকক?

৫)চাৰিবছৰ কোৰ্টৰ কামত হোৱা খৰছ , কষ্ট খিনিৰ ক্ষতিপূৰণ ? শেষত চৰকাৰী সাহায্য , টকা পইচা , প্ৰমাণ পত্ৰৰ লোভী মই নহয় ৷ কিন্তু মোৰ লগত কৰা অত্যাচাৰৰ দায়ী আপোনালোক কাৰণ যিমানেই উচ্চ চকীত বহী থাকিলেও কাৰো সপোনৰ লগত খেলা কৰাৰ অধিকাৰ আপোনালোকৰ নাই ।