NEWS8 NE

ছেল্ফি উঠি সাগৰৰ পানীত পৰিল মহিলা, প্ৰাণৰক্ষা কৰিলে ৫৫ বছৰীয়া ফটোগ্ৰাফাৰে

নিউজ ডেস্ক। ছেল্ফি উঠবিলৈ গৈ পানীত পৰি মৃত্যু হোৱা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় মুম্বাইত।

অৱশ্যে এইবাৰ নদীত নহয়, ছেল্ফি লৈ থাকোতে সাগৰৰ পানীতহে পৰিল মহিলা। আৰু সেই মহিলাক উদ্ধাৰ কৰিলে এজন ৫৫ বছৰীয়া ফটো গ্ৰাফাৰে। সেই ঘটনা মুম্বাইৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে ২৩ বছৰীয়া মহিলা গৰাকীয়ে মুম্বাইৰ বিখ্যাত গেটৱে’ত ছেল্ফি লৈছিল।

তেওঁ সাগৰৰ দেৱালত বহি লৈ আছিল ছেল্ফি। কিন্তু ছেল্ফি লৈ থাকোতে তেওঁ ভাৰসাম্য হেৰুৱাই। যাৰফলত তেওঁ পানীলৈ পৰি যায়।

আৰক্ষীয়ে লগতে কয় যে, ঘটনাটোৰ পিছতেই আৰক্ষী জোৱান উপস্থিত হয় ঘটনাস্থলীত আৰু মহিলা গৰাকীক উদ্ধাৰৰ চেষ্টা কৰে। মহিলা গৰাকীলৈ লাইফ জেকেট আৰু অন্যান্য সামগ্ৰী দলিয়াই দিয়া হয় যদিও সি একো ফল নিদিয়ে।

তাৰ পৰিৱৰ্তে মহিলা গৰাকী সাগৰৰ গভীৰতালৈহে যায়। সেই দৃশ্য দেখি ৫৫ বছৰীয়া গুলাবচন্দ গাউদ নামৰ এজন পেছাদাৰী ফটোগ্ৰাফাৰে এডাল ৰছীৰ সহায়ত সাগৰলৈ জঁপিয়াই দিয়ে। আৰু তেওঁ মহিলা গৰাকীৰ ওচৰলৈ গৈ দেৱালৰ ফালে লৈ আনে।

মহিলা গৰাকীয়ে সামান্য আঘাত পোৱাৰ বাবে তেওঁক দক্ষিণ মুম্বাইৰ ছেইণ্ট জৰ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মহিলা গৰাকীক উদ্ধাৰ কৰা ফটো গ্ৰাফাৰ গুলাবচন্দ গাউদে কয়, “মই মহিলা গৰাকীৰ জীৱন ৰক্ষাৰ বাবেহে জঁপিয়াই দিওঁ। মই যি কৰিলো সেইয়া কোনো ডাঙৰ কথা নহয়। সকলোৱেই আনক সহায় আৰু ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব লাগে।”

উল্লেখ্য যে, বৰ্তমান সময়ত মুম্বাইৰ সাগৰৰ জলস্তৰ বৃদ্ধি পায় আৰু চহৰখন অশান্ত হৈ পৰে।

Exit mobile version