ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা, কেঁকো সাপসহ দুজন সৰবৰাহকাৰী আটক!

ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা, কেঁকো সাপসহ দুজন সৰবৰাহকাৰী আটক!

October 20, 2020 0 By NEWS DESK

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ পুখুৰীপাৰ গাঁৱত ছয়গাঁও আৰক্ষীৰ অভিযান।

ছয়গাঁৱৰ পুখুৰীপাৰত কেঁকো সাপ উদ্ধাৰ।

আৰক্ষীৰ অভিযানত ১৩ ইঞ্চি দৈৰ্ঘৰ কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে কেঁকো সাপ সৰবৰাহৰ লগত জৰিত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে৷

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত ছয়গাঁৱৰ শিঙিমাৰী গাঁৱৰ জুৰাণ আলী আৰু জামাত আলী নামৰ দুজন যুৱকক আটক কৰাৰ লগতে যুৱক দুজনে ব্যৱহাৰ কৰা AS 01 AV 0168 নম্বৰৰ আপাচী বাইক এখন জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে কেঁকো সাপটো পাহাৰীয়া অঞ্চল হাহিমৰ পৰা ধৰি বিক্ৰীৰ বাবে বাইকেৰে গৰৈমাৰী অভিমুখে আহি আছিল৷

ধৃত কেঁকো সাপ সৰবৰাহী যুৱক দুজনে জানিবলৈ দিয়া মতে সাপটোৰ বজাৰ মুল্য প্ৰায় তিনি লাখ টকা৷