ছয়গাঁও আৰক্ষীৰ সফল অভিযান, ড্ৰাগছসহ দুজন ব্যৱসায়ী আটক!

ছয়গাঁও আৰক্ষীৰ সফল অভিযান, ড্ৰাগছসহ দুজন ব্যৱসায়ী আটক!

October 20, 2020 0 By NEWS DESK

ড্ৰাগছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ সফল অভিযান।

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ছয়গাঁও আৰক্ষীৰ হাতত হাটো লোতে ধৰা পৰিল দুজন ব্যৱসায়ী।

সোমবাৰে নিশা ছয়গাৱৰ জোৰশিমুলীৰ পৰা ব্ৰাউন ছুগাৰসহ দুজনকৈ ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ যে ছয়গাও থানাৰ অ’চি কপিল পাঠকে গোপন সূত্ৰৰ পম খেদি ছয়গাৱৰ পুৰাণকুঁছিয়াৰ ই এণ্ড ডি মথাউৰিত আকস্মিকভাৱে অভিযান চলায়৷

অ’চি কপিল পাঠকৰ নেতৃত্বত এই অভিযান চলাই পুৰাণকুঁছিয়াৰ ই এণ্ড ডি মথাউৰিত বিক্ৰীৰ বাবে অনা ৫টা কণ্টেইনাৰত থকা ৭ গ্ৰাম মাৰাত্মক ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

অভিযানত জোৰশিমুলী গাঁৱৰ ড্ৰাগছ মাফিয়া ক্ৰমে ফৰিদুল ইছলাম আৰু জমিৰ খানক গ্ৰেপ্তাৰ কৰিবলৈ কৰে।

এই পৰ্যন্ত ড্ৰাগছসহ ধৃত ব্যৱসায়ী যুৱক দুগৰাকী ছয়গাও আৰক্ষীৰ জিম্বাত আছে।