জজ ফিল্ডত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ গুৰুত্বপূৰ্ণ ঘোষণা !

জজ ফিল্ডত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ গুৰুত্বপূৰ্ণ ঘোষণা !

August 15, 2020 0 By NEWS DESK

জজ ফিল্ডত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

জৰ্জ ফিল্ডত পুৱা ৯বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে ।

পতাকা উত্তোলন কৰিয়েই ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ ।

প্ৰথমতে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা প্ৰতিজন লোকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সমূহ কৰ’ণা যোদ্ধাৰে শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে মুখ্যমন্ত্ৰীয়ে ভাষণত কেইবাটাও বৃহৎ ঘোষণা কৰে ।

ৰাজ্যৰ ১৩৭ খন সত্ৰ দেৱালয়ক বছৰি ৩৬০ লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে সৰ্বানন্দ সোণোৱালে ।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শালি, বাওঁ, বড়ো, আদি ধান উৎপাদন বৃদ্ধি কৰিবলৈ ধেমাজি আৰু বাক্সাত ৰাইচ ক্লাষ্টাৰ স্থাপন কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে ২২০ টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব। কল সমূহ স্থাপনৰ বাবে চৰকাৰে ৩০ শতাংশ ৰাজ সাহায্য আগবঢ়াব বুলিও জানিব দিয়ে ।

আনহাতে থলুৱা যুৱকক ৰাজ সাহায্যযুক্ত ১০০০ খন মিনি ট্ৰাক প্ৰদান কৰাৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশী লোকসকলৰ বাবেও কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ব্যৱস্থা গ্ৰহন ।

মৰান আৰু মটক জনগোষ্ঠিৰ বাবেও দুখন সুকীয়া স্বায়ত্ব শাসিত পৰিষদ গঠনৰ কথা ঘোষণা।