NEWS8 NE

জনতা ভৱনত বিধায়কৰ খং! চিনি নোপোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীক শোধালে পূৰ্ণহতীয়া চৰ

নিউজ ডেস্কঃ চিনি নাপাও বুলি কোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীৰ গালত পূৰ্ণহতীয়া চৰ শোধালে এগৰাকী বিধায়কে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে খোদ দিছপুৰৰ জনতা ভৱনত।

জনতা ভৱনৰ পৰিবহণ বিভাগৰ সচিব আদিল খানাৰ কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী প্ৰতিবন্ধী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে শাসকীয় মিত্ৰদলৰ এজন বিধায়কৰ বিৰুদ্ধে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনতা ভৱনৰ কৰ্মচাৰী সকলৰ লগতে সাধাৰণ জনতাৰ মাজত।

জানিব পৰা মতে, বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত জনতা ভৱনত পৰিবহণ আয়ুক্তৰ লগতে বিভাগৰ সচিবৰো দায়িত্বত থকা আদিল খানক সাক্ষাৎ কৰিবলৈ আহিছিল ইউপিপিএলৰ বিধায়ক জয়ন্ত বসুমতাৰী। কিন্তু সচিবৰ কাৰ্যালয়ৰ সন্মুখত সেই সময়ত কৰ্তব্য সম্পাদন কৰি থকা কৰ্মচাৰীজনে বিধায়কক চিনি নপায় কাৰ্যালয়ৰ নিয়ম অনুসৰি নিজৰ নাম, ঠিকনা আৰু কাক সাক্ষাৎ কৰিব সেই বিষয়ে লিখি দিবলৈ কয়।

তাতেই খৰ্গহস্ত হৈ পৰা বিধায়ক জয়ন্ত বসুমতাৰীয়ে ‘ম‍ই কোন চিনি পোৱা নাই, তোক চাই লম’ বুলি তর্জন-গর্জন আৰু অসভ্য গালি-গালাজ কৰাতে ক্ষান্ত নাথাকি তেওঁ কৰ্মচাৰীজনৰ গালত পূর্ণহতীয়া চৰ শোধায়। ইয়াৰ পিছতে তেওঁ ভিতৰত প্ৰৱেশ কৰে।

কিছু সময় পিছত বিধায়কজন ওলাই যোৱাত প্ৰতিবন্ধী কৰ্মচাৰীজনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিবহণ বিভাগৰ সচিব আদিল খানক অৱগত কৰাত খানে লগে লগে ফোনযোগে বিধায়কজনক পুনৰ মাতি পঠিয়ায় আৰু কাৰ্যালয়ৰ ভিতৰত কৰ্মচাৰীজনক ক্ষমা খুজিবলৈ কয়।

বিধায়ক জয়ন্ত বসুমতাৰীয়ে কৰ্মচাৰীজনৰ সন্মুখত ক্ষমা খুজিলেও এই ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্রতিবন্ধী কৰ্মচাৰীজনে ঘটনাটোৰ সুবিচাৰৰ দাবী জনাই সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম সচিবালয় সেৱা সন্থা, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।

অন্যহাতে এয়া এক ষড়যন্ত্ৰ বুলি দাবী কৰিছে বিধায়ক জয়ন্ত বসুমতাৰীয়ে। তেওঁ কয় যে তেওঁ কোনো কৰ্মচাৰীক প্ৰহাৰ কৰা নাছিল। যদি চৰ মৰাৰ প্ৰমাণ আছে, তেন্তে তেওঁৰ বিৰুদ্ধে সকলো তদন্তৰ বাবে প্ৰস্তুত আছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

Exit mobile version